নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপৰ বিজয়ীক প্রদান কৰা হ’ব বিশেষ পুৰস্কাৰ

ডিজিটেল ডেস্ক, ১৮ জুলাই : প্রায় এমাহজোৰা দুভৰিৰ ছন্দ আৰু আক্রমণৰ অন্তত সামৰণিৰ দিশে আগবাঢ়িছে ফিফা বিশ্বকাপ ২০২৬৷ অহা ১৯ জুলাইৰ মাজনিশা নিউ জার্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বহু প্রতীক্ষিত ফাইনেল মেচখন৷ এই খিতাপ যুঁজৰ মেচখনত অৱতীর্ণ হ’ব বিশ্ব চেম্পিয়ন আর্জেণ্টিনা আৰু ২০১০ চনৰ চেম্পিয়ন স্পেইন৷

ফিফাৰ সন্মানীয় প্রতিযোগিতাখনৰ বিজয়ীৰ বাবে ফিফাই প্রৱর্তন কৰিছে এক নতুন চমক৷ প্রতিযোগিতাখনৰ ইতিহাসত প্রথমবাৰৰ বাবে বিজয়ীসকলক আইকনিক ট্রফী আৰু সোণৰ পদকৰ সমান্তৰালভাৱে বেছপ’ক চেম্পিয়নশ্বিপ ৰিং (আঙঠি) প্রদান কৰি পুৰস্কৃত কৰা হ’ব৷

আমেৰিকাৰ ঐতিহাসিক ক্রীড়া পৰম্পৰাৰ পৰা অনুপ্রাণিত এই আঙঠি মেচৰ শেষত অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত প্রতিযোগিতাখনৰ চেম্পিয়নসকলক প্রদান কৰা হ’ব৷ চেম্পিয়ন দলক আইকনিক ট্রফী আৰু সন্মানীয় সোণৰ পদকৰ উপৰি বিজয়ৰ নতুন প্রতীক প্রদান কৰা হ’ব৷ সেয়া হৈছে এই বিশ্বজনীন ক্রীড়ালৈ আমেৰিকাৰ ক্রীড়া পৰম্পৰা৷ প্রতিটো আঙঠি প্রতিযোগিতাখনৰ বাবে সমর্পিত মাত্র ২০২৬ বিশেষভাৱে নম্বৰযুক্ত টুকুৰাৰ সীমিত সংস্কৰণৰ অংশ হ’ব৷ ইয়াৰে ৩০টা আঙঠি বিজয়ী দলটোক প্রদান কৰা হ’ব৷

আনহাতে, ১৯৯৬টা আঙঠি বিশ্বজুৰি অনুৰাগীসকলৰ বাবে অফিচিয়েল লাইচেন্সড প্রডাক্ট হিচাপে উপলব্ধ কৰা হ’ব৷ ইয়াৰ ফলত সমর্থকসকলে ফিফা বিশ্বকাপ ২০২৬ৰ ইতিহাসৰ এক অনন্য সামগ্রীৰ গৰাকী হ’ব পাৰিব৷

You might also like