নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপৰ তৃতীয় স্থানৰ মেচত আজি ইংলেণ্ডৰ সন্মুখত ফ্রান্স

ডিজিটেল ডেস্ক, ১৮ জুলাই : ফিফা বিশ্বকাপৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ অর্থ হ’ল এক বৃহৎ হতাশা৷ কিন্তু প্রতিযোগিতাখন ইয়াতেই শেষ নহয়৷ মিয়ামিৰ হার্ডৰক ষ্টেডিয়ামত আজি (১৮ জুলাই) শেষ নিশা ইংলেণ্ড আৰু ফ্রান্সৰ মাজত অনুষ্ঠিত হ’ব তৃতীয় স্থানৰ মেচখন৷ বহুতৰে দৃষ্টিত এইখনেই ফুটবলৰ আটাইতকৈ ‘বিখ্যাত’ সান্ত্বনা পুৰস্কাৰৰ মেচ৷ আনহাতে, আন কিছুমানৰ মতে এইখন এনে এখন যুঁজ, য’ত কোনো এটা দলে সঁচাকৈয়ে খেলিব নিবিচাৰে৷ ফিফাৰ বাবে ইয়াৰ গুৰুত্ব মূলতঃ বাণিজ্যিক৷

প্রতিযোগিতাখনৰ ছেমিফাইনেলত পৰাস্ত হোৱা ইংলেণ্ড আৰু ফ্রান্সেও আজিৰ এই তৃতীয় স্থানৰ মেচখনক বিশেষ গুৰুত্ব দিয়া নাই৷ অৱশ্যে ফ্রান্স দলটোৰ অধিনায়ক কিলিয়ান এমবাপেৰ বাবে মেচখন বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ কিয়নো, আজিৰ এই তৃতীয় স্থানৰ মেচখনত দুটা বা তিনিটা গ’ল স্ক’ৰ কৰিব পাৰিলে গ’ল্ডেন বুটৰ অধিকাৰী হোৱাৰ প্রবল সম্ভাৱনা আছে এমবাপেৰ৷ প্রতিযোগিতাখনত এতিয়ালৈকে আঠটা গ’ল স্ক’ৰ কৰি বিশ্ব চেম্পিয়ন আর্জেণ্টিনাৰ লিঅ’নেল মেছিৰ সৈতে সমতা স্থাপন কৰি আছে ফ্রান্স দলটোৰ অধিনায়কগৰাকীয়ে৷ গতিকে এমবাপেই এই সন্মান লাভ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব৷

ইফালে, ইংলেণ্ডৰ অধিনায়ক হেৰী কেনেও চলিত প্রতিযোগিতাখনত দুর্দান্ত প্রদর্শন দাঙি ধৰিছে৷ প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰিব নোৱাৰিলেও তৃতীয় স্থানত থাকি অভিযান সামৰিব বিচাৰিছে৷ আনহাতে, ইংলেণ্ড দলটোৰ মুখ্য প্রশিক্ষক থমাছ টুছেলে তৃতীয় স্থানৰ প্লে’ অফৰ মেচখনক সমালোচনা কৰি কয় যে ফ্রান্সৰ খেলুৱৈৰ দৰে তেওঁৰ দলৰ খেলুৱৈসকলৰো মেচখনত খেলাৰ কোনো ইচ্ছা নাই৷ বিশ্বকাপৰ সপোন ভেঙুচালি হোৱাৰ পাছত অতিৰিক্ত মেচ খেলাৰ প্রয়োজনীয়তাক লৈ টুছেলে অসন্তুষ্টি প্রকাশ কৰে৷ তেওঁৰ মতে বিশ্বকাপৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছত তৃতীয় স্থানৰ মেচখনৰ বাবে খেলুৱৈসকলক প্রেৰণা দিয়াটো প্রায় অসম্ভৱ৷ য’ত খিতাপ জয়ৰ কোনো সম্ভাৱনা নাই৷

সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত ইংলেণ্ড দলটোৰ প্রশিক্ষকগৰাকীয়ে লগতে কয় যে আমাৰ কোনো খেলুৱৈ বা ফ্রান্সৰ খেলুৱৈয়ে এই মেচখন খেলিব নিবিচাৰে৷ তেওঁলোক সকলোৱে ফাইনেলত খেলিব বিচাৰিছিল৷ কিন্তু আমি সেই লক্ষ্যত উপনীত হ’বলৈ সক্ষম নহ’লোঁ৷ ছেমিত পৰাস্ত হোৱাৰ পাছত টুছেলে দৃঢ়তাৰে কয় যে ইংলেণ্ডৰ বাবে অন্তিম চাৰিত প্রৱেশ কৰাটো এক ডাঙৰ সফলতা৷ ইংলেণ্ডে ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছত সমালোচনাৰ সৃষ্টি হয় যদিও ইয়াৰ বাবে টুছেলে পদত্যাগ কৰাৰ ইচ্ছা প্রকাশ কৰা নাই৷ তেওঁৰ লক্ষ্য এতিয়া ২০২৮ চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপ৷

খেলৰ সময় : মাজনিশা ২.৩০ বজা৷

You might also like