অৱশেষত জয়ৰ মুখ দেখিলে পঞ্জাবে
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ ছখন মেচত পৰাজয়ৰ পিছত অৱশেষত জয়ৰ মুখ দেখিলে কিংছ একাদশ পঞ্জাবে৷ শ্বাৰজাহত বৃহস্পতিবাৰে অনুষ্ঠিত এখন গুৰুত্বপূর্ণ মেচত লোকেশ ৰাহুল নেতৃত্বাধীন দলটোৱে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুক আঠ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৭২ ৰানৰ লক্ষ্যৰ পিছ লৈ কিংছ একাদশ পঞ্জাবে অন্তিমটো বলত জয় সাব্যস্ত কৰে৷ দলটোৰ অধিনায়ক লোকেশ ৰাহুলে অপৰাজিতভাৱে ৬১ ৰানৰ অনবদ্য বৰঙণি আগবঢ়ায়৷ ক্রিছ গেইলে ৫৩ আৰু মায়ংক আগৰৱালে ৪৫ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷ প্রাৰম্ভিক যুটিত ৰাহুল আৰু মায়ংকে ৭৮ ৰান যোগ দি পঞ্জাবৰ জয়ৰ ভেটি গঢ়ে৷ ৰাহুলে ৪৯ বলৰ সন্মুখীন হৈ এটা বাউণ্ডেৰী আৰু পাঁচটা ছিক্সাৰৰ সহায়ত অর্ধশতকীয় ইনিংছটো সজায়৷ গেইলে ৪৫টা বল খেলি এটা বাউণ্ডেৰী আৰু পাঁচটা ছিক্সাৰ কোবায়৷ মায়ংকে ২৫টা বলৰ সন্মুখীন হৈ চাৰিটা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰীৰে দলক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হয়৷
ইয়াৰ পূর্বে টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত গ্রহণ কৰি ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭১ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ অধিনায়ক বিৰাট কোহলিয়ে সর্বাধিক ৪৮ ৰানৰ অৰিহণা আগবঢ়ায়৷ তেওঁ ৩৯ বলৰ সন্মুখীন হৈ তিনিটা বাউণ্ডেৰী কোবায়৷ ইনিংছৰ শেষৰ ফালে অলৰাউণ্ডাৰ ক্রিছ মৰিছে আক্রমণাত্মক বেটিঙেৰে মাত্র ৮ বলত অপৰাজিতভাৱে ২৫ ৰান সংগ্রহ কৰে৷ তেওঁ এটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰৰ সহায়ত গুৰুত্বপূর্ণ ইনিংছটো সজায়৷ অ’পেনাৰ আৰন ফিনছে ২০, দেৱদূত পাড়িকালে ১৮, ৱাশ্বিংটন সুন্দৰে ১৩, শিৱম ডুবেই ২৩ আৰু এবি ডি ভিলিয়ার্ছে ২ ৰানত আউট হয়৷ কিংছ একাদশ পঞ্জাবৰ হৈ মহম্মদ ছামিয়ে ৪৫ ৰান আৰু মুৰুগান অশ্বিনে ২৩ ৰানত দুটাকৈ উইকেট দখল কৰে৷ বেগী বলাৰ ক্রিছ জর্দান আৰু অর্শদীপ সিঙে এটা উইকেট পায়৷ উল্লেখ্য যে চলিত আই পি এলত বিৰাট কোহলি নেতৃত্বাধীন আৰ চি বিৰ এয়া তৃতীয়টো পৰাজয়৷