নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থলৈ উন্নীত কোহলি, ষষ্ঠত ৰাহুল

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়ক বিৰাট কোহলিৰ আই চি চি টি–২০ ৰেংকিঙৰ বেটছমেন শাখাত স্থানৰ উন্নতি ঘটিছে৷ সদ্যঘোষিত প্রকাশ পোৱা ৰেংকিঙত কোহলিয়ে এটা স্থান আগুৱাই চতুর্থলৈ উন্নীত হৈছে৷ ইফালে, ইংলেণ্ডৰ ডেভিদ মালানে শীর্ষস্থান দখল কৰি থকা বেটছমেন শাখাত ভাৰতীয় দলটোৰ তাৰকা বেটছমেন লোকেশ ৰাহুলে ষষ্ঠ স্থানটো অক্ষুণ্ণ ৰাখিছে৷ পাকিস্তানৰ বাবৰ আজমে দ্বিতীয় আৰু অষ্ট্রেলিয়াৰ আৰন ফিনছে ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানটো অক্ষুণ্ণ ৰখাৰ বিপৰীতে নিউজিলেণ্ডত ডেভিদ কনৱেইপঞ্চম স্থানলৈ অৱনমিত হৈছে৷

আনহাতে, কেৰিয়াৰশ্রেষ্ঠ অষ্টম স্থানলৈ উন্নীত হৈছে দক্ষিণ আফ্রিকাৰ উইকেটকীপাৰ বেটছমেন কুইণ্টন ডি কক৷ শ্রীলংকাৰ বিপক্ষে সদ্যসমাপ্ত তিনিখনীয়া টি–২০ শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰাৰ সুবাদত ৰেংকিঙত স্থানৰ উন্নতি ঘটে ডি ককৰ৷ ইপিনে, দক্ষিণ আফ্রিকাৰ টব্রেইজ ছামছিয়ে শীর্ষস্থান দখল কৰি থকা বলিং শাখাত প্রথম সাতটা স্থানত কোনো ধৰণৰ লৰচৰ হোৱা নাই৷ দুটা স্থান আগুৱাই বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানে অষ্টম স্থানলৈ উন্নীত হৈছে৷

You might also like