নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টেডিয়ামত বহি উপভোগ কৰিব পাৰিব মেচ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ সংযুক্ত আৰব আমীৰ শ্বাহীত ১৯ ছেপ্টেম্বৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ প্রাকমুহূর্তত আই পি এলপ্রেমীৰ বাবে আহিল এক সুখবৰ৷ ষ্টেডিয়ামত বহি আই পি এলৰ মেচৰ আমেজ ল’ব পাৰিব দর্শকে৷ ডুবাই, শ্বাৰজাহ আৰু আবুধাবিত হ’বলগীয়া আই পি এলৰ মেচসমূহ উপভোগ কৰিবলৈ ষ্টডিয়ামত দর্শকক অনুমতি দিয়া হ’ব৷ ক’ভিড প্রট’কল আৰু সংযুক্ত আৰব আমীৰ শ্বাহী চৰকাৰৰ নীতি–নিয়মৰ প্রতি লক্ষ্য ৰাখি তিনিওখন চহৰতে হ’বলগীয়া আই পি এলৰ মেচসমূহ উপভোগ কৰাৰ বাবে সীমিতসংখ্যক দর্শকক অনুমতি প্রদান কৰা হ’ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এক বিবৃতিত  এই কথা সদৰী৷

দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ মেচসমূহৰ টিকটৰ বিক্রী কাইলৈৰ পৰা আৰম্ভ হ’ব আৰু দর্শকে আই পি এলৰ ৱেবছাইটৰ জৰিয়তে ক্রয় কৰিব পাৰিব বুলি বি চি চি আইৰ বিবৃতিটোত সদৰী৷ উল্লেখ্য যে ২০১৯ চনৰ পিছত প্রথমবাৰৰ বাবে ষ্টেডিয়ামত বহি আই পি এলৰ মেচ উপভোগ কৰাৰ সুযোগ লাভ কৰিব৷ বিগত বর্ষত ক’ৰোনাৰ বাবে আই পি এলৰ ত্রয়োদশ সংস্কৰণটো ইউ এ ইত আয়োজন কৰা হৈছিল আৰু প্রতিযোগিতাখনৰ আটাইকেইখন মেচ বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷ ইফালে, চলিত বর্ষৰ আই পি এলখন বিনা দর্শকৰ উপস্থিতিত ভাৰতত অনুষ্ঠিত হৈছিল যদিও ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ বাবে প্রতিযোগিতাখন আধাতে স্থগিত ৰাখিবলগীয়া হৈছিল৷

You might also like