ডন ব্ৰেডমেনৰ ৭৬ বছৰ পুৰণি ৰেকর্ড ভংগৰ সুযোগ কোহলিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ টেষ্ট ক্রিকেটত ছাৰ ডন ব্রেডমেনৰ এক অভিলেখ ভংগ কৰাৰ পথত টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলি৷ ৬ ডিচেম্বৰত এডিলেইডত ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টত অৱতীর্ণ হোৱাৰ লগে লগে কোহলিয়ে ৰেকর্ড বুকত তেওঁৰ নাম লিখিবলৈ সুযোগ পাব৷ ব্রেডমেন বর্তমানে ভ্রমণকাৰী দেশত সর্বাধিক আন্তর্জাতিক শতকৰ অভিলেখৰ অধিকাৰী৷ ব্রেডমেনৰ নামত ১৯৩০ চনৰ পৰা ১৯৪৮ চনৰ ভিতৰত ইংলেণ্ডত খেলা ১৯খন খেলত ১১টা শতক আছে৷ ইয়াৰ তুলনাত কোহলিয়ে বর্তমানলৈকে অষ্ট্রেলিয়াৰ মাটিত ৪৩খন টেষ্টত ১০টা শতক অর্জন কৰিছে৷ জেক হ’বছ (অষ্ট্রেলিয়াত ৯টা), শচীন তেণ্ডুলকাৰ (শ্রীলংকাত ৯টা), ছাৰ ভিভিয়ান ৰিচার্ডছ (ইংলেণ্ডত ৮টা) আৰু সুনীল গাভাস্কাৰৰ নামো (ৱেষ্ট ইণ্ডিজত ৭টা) এই তালিকাত অন্তর্ভুক্ত৷ কোহলিয়ে অষ্ট্রেলিয়াৰ মাটিত ধাৰাবাহিকভাৱে সুন্দৰ প্রদর্শন অব্যাহত ৰাখি এতিয়ালৈ ৫৪.২০ গড়ৰ সৈতে ২,৭১০ ৰান সংগ্রহ কৰিছে৷ কোহলিয়ে সদ্যসমাপ্ত পার্থ টেষ্টৰ দ্বিতীয় ইনিংছত অপৰাজিত ১০০ ৰান সংগ্রহ কৰিছিল৷ বিগত ৭৬ বছৰ ধৰি ব্রেডমেনৰ এই কৃতিত্ব অক্ষত অৱস্থাত আছে৷ কোহলিয়ে যদি এডিলেইড টেষ্টত শতক অর্জন কৰে, তেন্তে ব্রেডমেনৰ অভিলেখটো স্পর্শ কৰিব৷