নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ প্ৰাকমুহূৰ্তত দল এৰি মুম্বাইলৈ কোহলি

বিশেষ বাৰ্তা, ২ অক্টোবৰ : বিশ্বকাপ ২০২৩ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটপ্ৰেমীলৈ এটা বেয়া খবৰ। বিৰাট কোহলিয়ে হঠাৎ দল এৰি মুম্বাইলৈ উভতি যায়। সূত্ৰ মতে, কোহলি ব্যক্তিগত সমস্যাৰ বাবে মুম্বাইলৈ উভতি যায়। নেদাৰলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচত তেওঁ খেলিব নে নাই, তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। ব’ৰ্ডৰ সূত্ৰই বিৰাট উভতি অহা সন্দৰ্ভত সবিশেষ একো প্ৰকাশ কৰা নাই। পত্নী অনুষ্কা শৰ্মাৰ অসুস্থতাৰ খবৰ পাই কোহলিয়ে খৰখেদাকৈ ঘৰলৈ ওভতা বুলি সূত্ৰত প্ৰকাশ । খবৰ অনুসৰি, দেওবাৰে ভাৰতীয় দলটো কোহলি অবিহনে তিৰুৱনন্তপুৰম পালেগৈ। বিচিচিআইৰ সূত্ৰ অনুসৰি, ব্যক্তিগত কাৰণত কোহলি মুম্বাইলৈ উভতি যাবলৈ বাধ্য হয়। শীঘ্ৰেই তেওঁ দলত যোগদান কৰিব। উল্লেখ্য যে ৩ অক্টোবৰত তিৰুৱনন্তপুৰমত নেদাৰলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব ভাৰতীয় দলটোৱে। সেই মেচত বিৰাটৰ উপলব্ধতাক লৈ এটা ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে। সূত্ৰ অনুসৰি, তাৰকা বেটছমেনগৰাকী দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই বিষয়ত বিৰাট বা অনুষ্কা কোনোৱেই ৰাজহুৱাভাৱে একো প্ৰকাশ কৰা নাই।

You might also like