নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম ঢকুৱাখনাত চুলাই ভাতীত শাৰীৰিকভাৱে বাধাগ্ৰস্তৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনাত অবাধে গঢ় লৈ উঠা অবৈধ চুলাই ভাতীৰ বিৰুদ্ধে মহকুমা আবকাৰী বিভাগে ধাৰাবাহিক উচ্ছেদ অভিযান চলাই থকাৰ মাজতো জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা এই মাৰাত্মক নিচাৰ গোপন বেহা চলাই অহা এটা পৰিয়ালৰ ঘৰত যোৱানিশা এগৰাকী ব্যক্তিৰ অকাল মৃত্যুৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ভাটি জালভাৰী গাঁৱৰ জান টিলিঙা নামৰ ব্যক্তিগৰাকীৰ ঘৰত একে গাঁৱৰে বুলবুল বৰুৱা (৩৭) নামৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে । অবৈধ চুলাই ভাতী হিচাপে সৰ্ব পৰিচিত জান টিলিঙাৰ ঘৰত চুলাই পান কৰি এইগৰাকী নিঃকিন ব্যক্তিৰ অকাল মৃত্যু হোৱা বুলিও চৰ্চা লাভ কৰিছে ৷ জানিব পৰা মতে, নিজ মাতৃৰ সৈতে বসবাস কৰা বুলবুল বৰুৱাই নিশা নিজৰ ঘৰত নাথাকি সমীপৰ জান টিলিঙা হিচাপে পৰিচিত ব্যক্তিজনৰ ঘৰত নিশা শুই থকাৰ পাছত সোমবাৰে পুৱা ব্যক্তিজন মৃত অৱস্থাত উদ্ধাৰ হোৱাত গৃহস্থই ঘটনাৰ বিষয়ে সোণাৰি চাপৰি আৰক্ষী আৰু ঢকুৱাখনা সদৰ আৰক্ষীক অৱগত কৰাত সোণাৰি চাপৰি আৰক্ষী চকীৰ উপ-পৰিদৰ্শক তৰুণ বড়ো ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত “ইনকুৱেষ্ট” কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আনহাতে, স্থানীয় ৰাইজে অতিমাত্ৰা চুলাই সেৱন কৰাৰ বাবেই শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিজনৰ অকাল মৃত্যু হোৱা বুলি সন্দেহ ব্যক্ত কৰে যদিও গৃহস্থই এই অভিযোগ নাকচ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব যদিও ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like