নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইলৈ কোহলিহঁতৰ সৈতে যাব নোৱাৰিব পৰিয়ালৰ সদস্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজিত হোৱাৰ পিছতে কঠোৰ নির্দেশনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতীয় ক্রিকেট ব’র্ডে৷ চেম্পিয়নছ ট্রফীৰ পৰাই আৰম্ভ হ’ব ব’ৰ্ডৰ নতুন ফটোৱা৷ ডুবাইলৈ ক্রিকেটাৰসকলৰ সৈতে যাব নোৱাৰিব তেওঁলোকৰ পৰিয়াল৷ দলৰ বাবে কেইবাজনো ৰান্ধনি লগত নিয়াৰ অনুমতি দিব পাৰে ব’র্ডে৷ কোনো ক্রিকেটাৰে বা সহায়ক ষ্টাফৰ সৈতে তেওঁৰ ব্যক্তিগত সহায়ক গ’লে তেওঁলোক আন হোটেলত থাকিব লাগিব৷ উল্লেখ্য যে ২০ ফেব্রুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতে৷ দলটোৱে ফাইনেল খেলিলেও প্রতিযোগিতাখন তিনিসপ্তাহৰ ভিতৰত সমাপ্ত হ’ব৷ ব’ডৰ এক নির্দেশনাত কোৱা হৈছে যে যদি ৪৫ দিন বা তাতকৈ অধিক দিন দল বিদেশ ভ্রমণত থাকে তেনেহ’লে দুসপ্তাহৰ বাবে পৰিয়ালৰ সদস্য ক্রিকেটাৰসকলৰ সৈতে থাকিব পাৰিব৷ এই ক্ষেত্রত যিহেতু প্রতিযোগিতাৰ দিন যথেষ্ট কম, সেয়ে লগত পৰিয়াল নিব নোৱাৰিব ক্রিকেটাৰসকলে৷ নির্দেশনা অনুসৰি, কোনোৱে পৰিয়াল নিব বিচাৰিলে অধিনায়ক, প্রশিক্ষক আৰু ব’ডৰ অনুমতি ল’ব লাগিব৷ যদি বিশেষ কাৰণত কাৰোবাক অনুমতি দিয়া হয়, তেনেহ’লে পৰিয়ালৰ যাতায়াত, থকা–খোৱাৰ খৰচ ক্রিকেটাৰসকলে নিজে কৰিব লাগিব৷ উল্লেখ্য যে অহা জুন–জুলাই–আগষ্টত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ শৃংখলা খেলিবলৈ যাব৷ সেই শৃংখলাত দুসপ্তাহৰ বাবে তেওঁলোকৰ পৰিয়াল লগত ৰাখিব পাৰিব৷ কিন্তু চেম্পিয়নছ ট্রফীত ব’ডৰ নতুন নিয়ম মানিবই লাগিব বুলি নির্দেশনাটোত কোৱা হৈছে৷

You might also like