নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ খিতাপ কলকাতা নাইট ৰাইডার্ছৰ দখলত

🔹 চেন্নাইত কে কে আৰৰ ঘূর্ণিত ধূলিসাৎ হায়দৰাবাদ

বিশেষ বাৰ্তা, ২৭ মে’ : সমগ্র কলকাতাত ভয়াৱহ ঘূর্ণি বতাহৰ আশংকাই ত্রস্তমান কৰি ৰাখিছে৷ সেই সময়তে চহৰখনৰ পৰা সহস্রাধিক যোজন নিলগত এই আশংকা মষিমূৰ কৰি কিছু সময়ৰ বাবে হ’লেও চহৰবাসীৰ মুখত হাঁহি বিৰিঙালে কলকাতা নাইট ৰাইডার্ছে৷ মহেন্দ্র সিং ধোনীৰ চহৰত ছানৰাইজার্ছ হায়দৰাবাদক বিধ্বস্ত কৰি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ দলটোৱে এটা দশকৰ পিছত পুনৰুদ্ধাৰ কৰিছে আইপিএলৰ সুদৃশ্য ট্রফী৷ প্রায় দুমাহ ধৰি ক্রিকেট অনুৰাগীৰ উৎকণ্ঠাৰ অন্ত পেলাই প্রতিযোগিতাখনৰ ফাইনেলত কলকাতাই হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰে৷ উল্লেখ্য যে লীগ পর্যায়ত দুয়োটা দলে শীর্ষ স্থান দখলেৰে প্লে–অফলৈ উন্নীত হৈছিল৷ বিগত তিনিটা বর্ষত লীগৰ প্রথম দুটা দল ফাইনেলত মুখামুখি হৈছে৷ এইবাৰ কলকাতাই প্লে–অফত হায়দৰাবাদক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল৷ আনহাতে, দ্বিতীয়খন কোৱালিফায়াৰ মেচত ৰাজস্থান ৰয়েলছক হৰুৱাই ফাইনেলত প্রৱেশ কৰিছিল হায়দৰাবাদে৷ সেই অনুসৰি চূড়ান্ত খেলখন তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ হ’ব বুলি আশা কৰা হৈছিল যদিও কলকাতাৰ বিৰুদ্ধে কোনো মুহূর্ততে মূৰ দাঙি উঠিব পৰা নাছিল হায়দৰাবাদে৷ টছত জয়লাভ কৰি হায়দৰাবাদে প্রথমে বেটিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ কিন্তু এই সিদ্ধান্ত ভুল প্রমাণিত কৰে কলকাতাৰ বলাৰসকলে৷ কলকাতাৰ বলাৰসকলৰ বিধ্বংসী বলিঙৰ সন্মুখত হায়দৰাবাদৰ কোনো এগৰাকী বেটাৰে সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল৷ দলটোৰ অ’পেনাৰ অভিষেক শর্মাই মাত্র ২ ৰানতে বিদায় লোৱাৰ বিপৰীতে আনগৰাকী অ’পেনাৰ ট্রেভিছ হেড শূন্য ৰানতে আউট হয়৷ দলটোৰ হৈ এইডেন মার্কৰামে ২০ ৰান আৰু পেট কামিঞ্চে ২৪ ৰান সংগ্রহ কৰে৷ আব্দুল চামাদ (৪), ৰাহুল ত্রিপাঠী (৯), নীতিশ কুমাৰ ৰেড্ডী (১৩), হেনৰিখ ক্লাছেন (১৬) আৰু শ্বাহবাজ আহমেদে (৮) ৰান সংগ্রহত সম্পূর্ণৰূপে ব্যর্থ হয়৷ ইয়াৰ মূলতে আছিল আইপিএলৰ সর্বাধিক দামী বলাৰ মিছেল ষ্টার্ক, হর্ষিত ৰাণা আৰু এণ্ড্রিউ ৰাছেলৰ দুর্দান্ত বলিং৷ ৰাছেলে তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে ষ্টার্ক আৰু ৰাণাই দুটাকৈ উইকেট দখল কৰে৷ কলকাতাৰ বলাৰসকলৰ নিখুঁত বলিঙৰ বাবে হায়দৰাবাদে ১৮.৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই সংগ্রহ কৰে মাত্র ১১৩ ৰান৷ প্রত্যুত্তৰত সহজ লক্ষ্য সন্মুখত লৈ কলকাতাই মাত্র দুটা উইকেট হেৰুৱাই ১০.৩ অভাৰতে ১১৪ ৰান কৰি ট্রফী দখল কৰে৷ কলকাতাৰ অ’পেনাৰ ৰহমানুল্লাহ গাৰবাজে ৩৯ ৰান আৰু সুনীল নাৰিনে ৬ ৰান সংগ্রহ কৰে৷ ভেংকটেশ আয়াৰে ৫২ আৰু শ্রেয়াছ আয়াৰে ৬ ৰানত অপৰাজিত হৈ ৰয়৷ উল্লেখ্য যে দুটা ভিন্ন দলৰ হৈ ফাইনেল খেলা শ্রেয়াছ আয়াৰে প্রথমবাৰৰ বাবে খিতাপ দখল কৰে৷ ২০২০ চনত দিল্লী কেপিটেলছক নেতৃত্ব প্রদান কৰি ফাইনেল খেলিছিল যদিও সেইবাৰ মুম্বাইৰ হাতত পৰাজিত হৈছিল৷ উল্লেখ্য যে এইবাৰ প্রতিযোগিতাখনত বিৰাট কোহলিয়ে সর্বাধিক ৭৪১ ৰান সংগ্রহ কৰে৷ ৫৮৩ ৰানেৰে ৰুতুৰাজ গাইকোৱাড দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৫৭৩ ৰানেৰে তৃতীয় স্থানত থাকে অসম-সন্তান ৰিয়ান পৰাগ৷

 

You might also like