নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম মেচতে পৰাস্ত যোৱাবাৰৰ চেম্পিয়ন কলকাতা

🔹 বর্ণাঢ্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ আইপিএল

নিউজ ডেস্ক, ২৩ মার্চ : আৰম্ভ হ’ল অষ্টাদশসংখ্যক ইণ্ডিয়ান প্রিমিয়াৰ লীগ৷ বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ উদ্বোধনী মেচত জয়লাভ কৰে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত মেচখনত বেংগালুৰুৱে যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছক ৭ উইকেটত পৰাজিত কৰে৷ প্রথমে বেটিং কৰি কলকাতাই নির্ধাৰিত অভাৰত ৮ উইকেট হেৰুৱাই মাত্র ১৭৪ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়৷ প্রত্যুত্তৰত বেংগালুৰুৱে ৩টা উইকেট হেৰুৱাই ১৬.২ অভাৰতে বিজয় লক্ষ্যত উপনীত হয়৷ কলকাতা নাইট ৰাইডার্ছৰ অ’পেনাৰ কুইণ্টন ডি ক’কে ৪ ৰানতে আউট হয় যদিও আনগৰাকী অ’পেনাৰ সুনীল নাৰিনে মাত্র ২৬টা বলতে ৪৪ ৰান কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ অধিনায়ক আজিংক ৰাহানেই ৩১টা বলত বিধ্বংসী বেটিঙেৰে ৫৬ ৰান সংগ্রহ কৰে৷ কিন্তু এই দুগৰাকী বেটাৰৰ বিদায়ৰ লগে লগে দলৰ বেটিং লাইনত বিপর্যয় আৰম্ভ হয়৷ বেংগালুৰুৰ ক্রুনাল পাণ্ডিয়াই চমকপ্রদ বলিঙেৰে কলকাতাৰ তিনিগৰাকী বেটাৰক বিদায় দিয়ে৷ ভেংকটেশ আয়াৰে সংগ্রহ কৰে মাত্র ৬ ৰান৷ ইয়াৰ পিছত অংক্রিছ ৰঘুবংশীয়ে ৩০ ৰান কৰি কিছু আশাৰ সৃষ্টি কৰিলেও ৰিংকু সিং (১২), আন্দ্রে ৰাছেল (৪), ৰমণদ্বীপ সিং (৬), হর্ষিত ৰাণা (৫) সম্পূর্ণৰূপে ব্যর্থ হয়৷ প্রত্যুত্তৰত বেংগালুৰুৱে অ’পেনাৰ ফিল ছ’ল্ট আৰু বিৰাট কোহলিৰ বিধ্বংসী বেটিঙৰ সহায়ত ৩ অভাৰ ৪টা বল বাকী থকা অৱস্থাতে ৩ উইকেটত ১৭৭ ৰান কৰি বিজয়ী হয়৷ অ’পেনাৰ ছল্টে ৩১টা বলতে ৫৬ ৰান সংগ্রহ কৰে৷ আনহাতে কোহলিয়ে ৩৬টা বলত ৫৯ ৰান কৰি শেষলৈকে অপৰাজিত হৈ ৰয়৷ দেৱদূত পাড়িকালে ১০ ৰান আৰু অধিনায়ক ৰজত পাটিদাৰে ৩৪ ৰানত বিদায় লয়৷ কোহলিৰ সৈতে দলক বিজয় লক্ষ্যত উপনীত কৰোৱা লিয়াম লিভিংষ্টনে অপৰাজিত ১৫ ৰান কৰে৷ মেচখন আৰম্ভ হোৱাৰ পূর্বে ইডেনত বর্ণাঢ্য উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত বলীউডৰ অভিনেতা শ্বাহৰুখ খান আৰু তাৰকা ক্রিকেটাৰ বিৰাট কোহলিয়ে নৃত্যত অংশগ্রহণ কৰে৷

You might also like