নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়াৰলেণ্ডৰে এদিনীয়া শৃংখলাত দলৰ নেতৃত্বত স্মৃতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ মহিলা ক্ৰিকেটত ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব। ১০ জানুৱাৰীৰ পৰা ভাৰতীয় মহিলা দলটোৱে এদিনীয়া শৃংখলা খেলিব। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই শৃংখলাৰ বাবে দল ঘোষণা কৰিছে। হৰমনপ্ৰীত কৌৰ আৰু ৰেণুকা সিং টীম ইণ্ডিয়াত দলভুক্ত কৰা হোৱা নাই। আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে স্মৃতি মান্ধানাই অধিনায়কত্ব কৰিব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত তিনিখন এদিনীয়া খেল অনুষ্ঠিত হ’ব। এই সকলো খেল ৰাজকোটত অনুষ্ঠিত হ’ব। ভাৰতৰ অধিনায়ক হ’ব মান্ধনা। অভিজ্ঞ খেলুৱৈ আৰু বহু সময়ত ভাল প্ৰদৰ্শন আগবঢ়াইছে। দীপ্তি শৰ্মা হ’ব টীম ইণ্ডিয়াৰ উপ-অধিনায়ক। তেওঁলোকৰ লগতে প্ৰতীকা ৰাৱাল আৰু হৰলীন দেউলে টীম ইণ্ডিয়াত স্থান লাভ কৰিছে। ষ্ট্ৰং বেটিঙৰ বিশেষজ্ঞ হাৰ্লিন। শেহতীয়াকৈ তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল। শেহতীয়াকৈ এদিনীয়া শৃংখলাত ৱেষ্ট ইণ্ডিজক ৩-০ত পৰাস্ত কৰিছিল। আয়াৰলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ মহিলা দল : স্মৃতি মান্ধানা (অধিনায়ক), দীপ্তি শৰ্মা (উপ অধিনায়ক), প্ৰতীকা ৰাৱাল, হাৰলিন দেউল, জেমিমা ৰড্ৰিগুৱেজ, উমা ছেত্ৰী (উইকেটকীপাৰ), ৰিচা ঘোষ (উইকেটকীপাৰ), তেজল হাছাবনিছ , ৰাঘৱী বিষ্ট, মিন্নু মণি, প্ৰিয়া মিশ্ৰ, তনুজা কানৱেৰ, তিতাছ সাধু, চাইমা ঠাকোৰ, সয়ালি সাতঘৰে

You might also like