নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্জুন বঁটাৰ বাবে মই কিমান পদক জয় কৰিব লাগিব ? প্রধানমন্ত্রীলৈ পত্র সাক্ষী মালিকৰ…

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে অর্জুন বঁটাৰ বাবে মনোনীত খেলুৱৈৰ তালিকাৰ পৰা মল্লযুঁজাৰু সাক্ষী মালিক আৰু ভাৰোত্তোলক মীৰাবাঈ চানুৰ নাম বাদ দিয়াৰ দুদিন পিছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এখন বিস্ফোৰক পত্র প্রেৰণ কৰিছে সাক্ষী মালিকে৷ দেশৰ হৈ আন্তঃৰাষ্ট্রীয় মঞ্চত কেইবাটাও পদক জয় কৰা তাৰকা মল্লযুঁজাৰুগৰাকীয়ে মোদীৰ লগতে কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুলৈ প্রেৰণ কৰা এই পত্রত স্পষ্টকৈ উল্লেখ কৰিছে যে অর্জুন বঁটাৰ বাবে তেওঁ আৰু কিমান পদক জয় কৰিব লাগিব?

মন কৰিবলগীয়া যে ২০১৬ৰ ৰি’ অলিম্পিকত ব্রঞ্জ পদক জয় কৰাৰ সুবাদত সাক্ষী মালিকক ভাৰত চৰকাৰে দেশৰ সর্বোচ্চ ক্রীড়া সন্মান খেলৰত্ন বঁটা আগবঢ়াইছিল৷ চাৰি বছৰ পূর্বে খেলুৱৈগৰাকীক খেলৰত্ন বঁটা আগবঢ়োৱাৰ বাবে এইবাৰ তেওঁৰ নাম অর্জুন বঁটাৰ চূড়ান্ত তালিকাৰ পৰা ক্রীড়া মন্ত্রালয়ে কর্তন কৰে৷ ইয়াতে ক্ষুণ্ণ হৈ তাৰকা মল্লযুঁজাৰুগৰাকীয়ে আজি প্রধানমন্ত্রী আৰু ক্রীড়ামন্ত্রীলৈ পত্র প্রেৰণ কৰি কৈছে যে খেলৰত্ন লাভ কৰি তেওঁ গৌৰৱ অনুভৱ কৰিছে৷ এই সন্মান লাভ কৰিবলৈ প্রতিগৰাকী ক্রীড়াবিদে সপোন দেখে৷

অর্জুন বঁটা জয় কৰিবলৈও মই সপোন দেখি আহিছোঁ৷ দেশৰ হৈ আৰু কিমান পদক জয় কৰিলে মোক অর্জুন বঁটাৰে বিভূষিত কৰা হ’ব? ৰেষ্টলিং কেৰিয়াৰত মই পুনৰ বঁটা লাভ কৰিব পাৰিমনে? উল্লেখ্য যে ২০১৭ৰ কমনৱেলথ ৰেষ্টলিং চেম্পিয়নশ্বিপত স্বর্ণ জয় কৰা সাক্ষী মালিকে এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপত ৰূপৰ পদক আৰু ২০১৮ৰ কমনৱেলথ গেমছত ব্রঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল৷

You might also like