নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিতৰ দৰে আক্রমণাত্মক অ’পেনাৰ হোৱাৰ ইচ্ছা আছিল সুনীল গাভাস্কাৰৰ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ টেষ্টত ১০ হাজাৰ ৰান সম্পূর্ণ কৰা বিশ্বৰ প্রথমগৰাকী ক্রিকেটাৰ সুনীল গাভাস্কাৰে টীম ইণ্ডিয়াৰ বর্তমানৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ দৰে এগৰাকী আক্রমণাত্মক বেটছমেন হোৱাৰ সপোন দেখিছিল৷ কিন্তু পৃথক পৰিস্থিতি আৰু আত্মবিশ্বাসৰ অভাৱত তেওঁ ৰোহিতৰ দৰে আক্রমণাত্মক শৈলীত বেটিং কৰিব নোৱাৰিলে৷ এই কথা স্বয়ং স্বীকাৰ কৰিছে ভাৰতৰ লিটল মাষ্টাৰখ্যাত একালৰ কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰে৷

ইণ্ডিয়া টুডে’ৰ এক সাক্ষাৎকাৰত ৭১ বছৰীয়া প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে এদিনীয়া ক্রিকেটত ৰোহিতে যি ধৰণে মুক্ত মনেৰে দুর্দান্ত শৈলীত বেটিং কৰে, ঠিক একেদৰে তেওঁ নিজেও আক্রমণাত্মক শৈলীত বেটিং কৰিব বিচাৰিছিল৷ ‘এদিনীয়া ক্রিকেটত ৰোহিতৰ বেটিং শৈলীয়ে মোক মুগ্ধ কৰি আহিছে৷ প্রথমটো বলৰ পৰাই তেওঁ মুক্ত মনেৰে খেলি টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়ে৷ এটা সময়ত ময়ো তেনেকৈ খেলিব বিচাৰিছিলোঁ৷ কিন্তু আমাৰ দিনত পৰিস্থিতি সুকীয়া আছিল৷ মোৰ আত্মবিশ্বাসৰো কিছু অভাৱ আছিল৷’ গাভাস্কাৰে এইদৰে কয়৷

ইফালে, বিৰাট কোহলি নেতৃত্বাধীন বর্তমানৰ টেষ্ট দলটোক ভাৰতৰ সর্বকালৰ সর্বশ্রেষ্ঠ দল হিচাপে আখ্যা দিছে গাভাস্কাৰে৷ শক্তিশালী বলিং আক্রমণে কোহলিৰ দলৰ ভাৰসাম্য বৃদ্ধি কৰা বুলি তেওঁ উল্লেখ কৰে৷

You might also like