নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰৰ কথা ভবা নাই মহেন্দ্ৰ ধোনীয়ে, প্রথমবাৰৰ বাবে পডকাষ্টত কেপ্টেইন কুল মাহী

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ প্রথমবাৰৰ বাবে পডকাষ্টত সাক্ষাৎকাৰ দিলে মহেন্দ্র সিং ধোনীয়ে৷ এই সাক্ষাৎকাৰত তেওঁ জীৱনৰ একাধিক অধ্যায়ৰ কথা ক’লে যদিও মূল বিষয় আছিল তেওঁৰ অৱসৰৰ প্রসংগ৷ সাম্প্রতিক সময়ত তেওঁৰ বেটিং ছন্দক লৈ আলোচনা হৈছিল৷ কিন্তু ৪৩ বছৰীয়া ধোনীয়ে এতিয়াই অৱসৰৰ বিষয়ে জনাব বিচৰা নাই৷ ইউটিউবাৰ ৰাজ ছামানীৰ প্রশ্ণৰ উত্তৰত ধোনীয়ে কয়– এতিয়াই নহয়, মই এতিয়া আইপিএল খেলি আছোঁ৷ বিষয়টো মই সহজভাৱে চাব বিচাৰোঁ৷ মোৰ বয়স এতিয়া ৪৩৷ এইবাৰৰ আইপিএল শেষ হ’লে মোৰ ৪৪ বছৰ হ’ব৷ তাৰ পিছত অন্ততঃ ১০ মাহ সময় পাম৷ তেতিয়াই অৱসৰ প্রসংগত সিদ্ধান্ত ল’ম৷

You might also like