নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষাপাৰাত মেক্সৱেলৰ ধুমুহাত স্তব্ধ সূৰ্য কুমাৰ বাহিনী

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ বিপক্ষে তৃতীয়খন টি–২০ শৃংখলাত পৰাজিত হ’ল ভাৰত৷ প্রায় অকলশৰেই অষ্ট্রেলিয়াক বিজয়ী কৰাই খেলপথাৰ এৰিলে গ্লেন মেক্সৱেলে৷ ভাৰতৰ হৈ শতৰান অর্জন কৰা ৰিতুৰাজ গাইকোৱাডৰ বেটিং পৰাক্রম এঘণ্টাৰ পিছতে ম্লান কৰিলে তেওঁ৷ মেক্সৱেলৰ ৪৮টা বলত সংগৃহীত ১০৪ ৰানৰ ইনিংছটোৰ বাবেই গুৱাহাটীত পাঁচ উইকেটত জয়লাভ কৰে অষ্ট্রেলিয়াই৷ টছত জয়লাভ কৰি অষ্ট্রেলিয়াই প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ বেটিঙৰ আমন্ত্রণ লাভ কৰি ভাৰতীয় বেটাৰসকলে দলক আশাপ্রদ আৰম্ভণি দিয়াৰ লগতে ভাৰতক বৃহৎ ৰানৰ দিশে আগুৱাই নিয়ে৷ দ্বিতীয়খন মেচত অর্ধশতৰান অর্জন কৰা অ’পেনাৰ যশস্বী জয়ছোৱাল আজি ব্যর্থ হয়৷ তেওঁ ৬টা বলত এটা ৪ৰ সহায়ত মাত্র ৪ ৰানতে বিদায় লয়৷ অৱশ্যে জয়ছোৱাল ব্যর্থ হ’লেও আনগৰাকী অ’পেনাৰ ৰিতুৰাজ গাইকোৱাডে এটা বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে৷ ৰিতুৰাজে মাত্র ৫৭টা বলত ১২৩ ৰানত অপৰাজিত হৈ ৰয়৷ তেওঁৰ ইনিংছটোত আছিল ১৩টা চাৰি আৰু সাতটা ৬৷ বিগত মেচখনত অর্ধশতৰান কৰা ইশানে আজি কোনো ৰান যোগ দিয়াৰ পূর্বেই বিদায় লয়৷ অধিনায়ক সূর্যকুমাৰ যাদৱৰ পৰা আজিও এটা সুন্দৰ ইনিংছ আশা কৰা হৈছিল যদিও তেওঁ ৩৯ ৰানত বিদায় লয়৷ অৱশ্যে তিলক বার্মাই ৩১ ৰানৰ ইনিংছটোৰ সহায়ত ইশানৰ সৈতে দলৰ ৰান সংখ্যা ২২২লৈ আগুৱাই নিয়ে৷ বৃহৎ লক্ষ্য সন্মুখত লৈ বেটিং আৰম্ভ কৰা অষ্ট্রেলিয়াৰ শীর্ষ বেটাৰসকল ব্যর্থ হ’লেও মেক্সৱেলৰ বিধ্বংসী শতৰানৰ সহায়ত নির্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই প্রয়োজনীয় ৰান সংগ্রহ কৰে৷ আজি ভাৰতীয় বলাৰসকলৰ দুর্বলতাৰ সুযোগ লৈ শেষৰ ফালে অধিনায়ক কোৱাডে আৰু মেক্সৱেলে উইকেটৰ চাৰিওফালে কোবাই খেলি শেষ মুহূর্তত ভাৰতৰ হাতৰ পৰা বিজয় কাঢ়ি নিয়ে৷

#বাৰ্তা ডেস্ক

You might also like