নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোটিপতি হোৱাৰ পথত মায়ংক যাদৱ

🔹 ভাৰতীয় দলৰ জার্ছীত এখন মেচ খেলাৰ সুফল

নিউজ ডেস্ক, ১০ অক্টোবৰ : বাংলাদেশৰ বিৰুদ্ধে টি–২০ শৃংখলাত অভিষেকৰ পিছত আইপিএলত ভাগ্য উদয় হ’ব ভাৰতীয় পেচাৰ মায়ংক যাদৱৰ৷ তেওঁক এইবাৰ দলত ৰাখিবলৈ হ’লে ন্যূনতম ১১ কোটি টকা দিব লাগিব লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে৷ একেদৰে ছানৰাইজার্ছ হায়দৰাবাদে নীতিশ ৰেড্ডিক দলত ৰাখিব বিচাৰিলে তেওঁলোকেও দিব লাগিব ১১ কোটি টকা৷ কাৰণ নীতিশ আৰু মায়ংকে বাংলাদেশৰ বিৰুদ্ধে প্রথম টি–২০ মেচ খেলাৰ পিছত নিশাৰ ভিতৰতে ‘কেপড প্লেয়াৰ’ৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ আইপিএলৰ ৰিটেনচনৰ নিয়ম অনুসৰি কোনো ‘আনকেপড’ ক্রিকেটাৰে আন্তর্জাতিক মেচ খেলিলে তেওঁলোক হৈ পৰে ‘কেপড প্লেয়াৰ’৷ নিয়ম অনুসৰি প্রথম ৫ কেপড খেলুৱৈক ধৰি ৰাখিবলৈ ব্যয় কৰিব লাগিব ক্রমে ১৮ কোটি, ১৪ কোটি, ১১ কোটি৷ ফলত মায়ংকক ৰাখিবলৈ হ’লে লক্ষ্ণৌৱে কমেও ১১ কোটি টকা দিব লাগিব৷ অহা ৩১ অক্টোবৰ ফ্রেঞ্চাইজীসমূহৰ ৰিটেনচন তালিকা জমা দিয়াৰ শেষ দিন৷ লক্ষ্ণৌৱে নিশ্চিভাৱে মায়ংকক দলত ৰাখিবলৈ চেষ্টা চলাব৷ উল্লেখ্য যে বাংলাদেশৰ বিৰুদ্ধে প্রথম টি–২০ মেচত অভিষেক ঘটে ভাৰতীয় দলৰ এই দুগৰাকী যুৱ তাৰকাৰ৷ ২২ বছৰীয়া মায়ংক আৰু ২১ বছৰীয়া নীতিশে পৰিধান কৰে ৰাষ্ট্রীয় দলৰ কেপ৷ উল্লেখ্য যে ৮ বছৰৰ পিছত প্রথমবাৰৰ বাবে একেলগে ভাৰতীয় দলত অভিষেক ঘটিল ২৩ বছৰ অনূর্ধ্ব ক্রিকেটাৰৰ৷ অন্তিমবাৰ ২০১৬ চনত অনুৰূপ দৃশ্য দেখা গৈছিল৷ সেইবাৰ হার্দিক পাণ্ডিয়া আৰু যশপ্রীত বুমৰাহে একেলগে আন্তর্জাতিক কেৰিয়াৰ আৰম্ভ কৰিছিল৷

You might also like