🔹 আতিশীৰ সামগ্রী বলপূর্বক বাহিৰ কৰিলে পিডব্লিউডিয়ে
নিউজ ডেস্ক, ১০ অক্টোবৰ : দিল্লীৰ মুখ্যমন্ত্রী আতিশীৰ চৰকাৰী বাসগৃহ ছীল কৰি দিলে পিডব্লিউডি বিভাগে৷ অবৈধভাৱে এই বাসগৃহ ব্যৱহাৰ কৰা বুলি অভিযোগ অনা হৈছে৷ মাত্র কেইদিনমান পূর্বে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰাৰ পাছত চৰকাৰী এই বাসগৃহ খালী কৰি দিছিল৷ ইয়াৰ পাছত মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰি আতিশীয়ে এই চৰকাৰী বাসগৃহটোত প্রৱেশ কৰে৷ পিডব্লিউডিৰ তৰফৰ পৰা এনে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ পাছতে মুখ্যমন্ত্রীৰ চৰকাৰী বাসগৃহ খালী কৰা আৰু হস্তান্তৰ কৰা বিষয়টোক লৈ সৃষ্টি হৈছে বিতর্ক৷ মুখ্যমন্ত্রীৰ কার্যালয়ৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে যে বিজেপিৰ নির্দেশত দিল্লীৰ উপ–ৰাজ্যপালগৰাকীয়ে বলপূর্বকভাৱে মুখ্যমন্ত্রী আতিশীৰ সামগ্রী চৰকাৰী বাসগৃহৰ পৰা বাহিৰ কৰি দিয়ে৷ এই চৰকাৰী বাংলো এগৰাকী বিজেপি নেতাৰ নামত আবণ্টন দিয়াৰ বাবে উপ–ৰাজ্যপালে এনে পদক্ষেপ গ্রহণ কৰা বুলি বিবৃতিটোত অভিযোগ কৰা হৈছে৷ মুখ্যমন্ত্রী আতিশীৰ বিভিন্ন সামগ্রী তথা আচবাব বলপূর্বকভাৱে বাহিৰ কৰি দিয়া বুলিও অভিযোগ অনা হৈছে৷ অৱশ্যে দিল্লী চৰকাৰৰ এনে অভিযোগ সন্দর্ভত তাৎক্ষণিকভাৱে উপ–ৰাজ্যপাল বা বিজেপিৰ তৰফৰ পৰা কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷