নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রৰে ফিফা ক্লাব বিশ্বকাপ-ত অভিযান আৰম্ভ মেচিৰ

মিছৰৰ দল আল আহলিৰ হাতত স্তব্ধ ইণ্টাৰ মিয়ামি

নিউজ ডেস্ক, ১৬ জুন : ফিফা ক্লাব বিশ্বকাপ-ৰ প্রথম মেচখনতে ড্র খেলিবলৈ বাধ্য হ’ল লিঅ’নেল মেচিৰ ইণ্টাৰ মিয়ামীয়ে৷ মিচৰৰ দল আল আহলিৰ সৈতে ড্র খেলি খেলপথাৰ এৰিবলগীয়া হয় মেচিৰ দলটোৱে৷

মেচখনত কোনো এটা দলেই গ’ল দিবলৈ সক্ষম নহ’ল৷ মিয়ামিৰ হার্ড ৰ’ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল মেচখন৷ ৩২টা দলক লৈ আৰম্ভ হোৱা প্রতিযোগিতাখনৰ প্রথমখন মেচে দর্শকক আকর্ষিত কৰিব নোৱাৰিলে৷

নতুন প্রতিযোগিতাখনক লৈ ফিফাৰ কর্মকর্তাসকলক যথেষ্ঠ উৎসাহী দেখা গ’ল৷ কিন্তু প্রথমখন মেচ যথেষ্ট প্রতিদ্বন্দ্বিতাপূর্ণ হ’লেও গ’লৰ পৰা বঞ্চিত হয় দুয়োটা দল৷ মেচখনত মিচৰৰ দলটোৰে আধিপত্য আছিল অধিক৷

মিয়ামিৰ গ’লৰক্ষক অস্কাৰ উস্তাৰিয়ে কমেও ৭বাৰ গ’ল প্রতিৰোধ কৰি দলক নিশ্চিত বিদপৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ ভিতৰত আছিল এটা পেনাল্টি শ্বট৷ খেলৰ ৪৩ মিনিটত পেনাল্টিৰ পৰা অহা ট্রেজেগুৱেৰ এটি শ্বট গ’লকিপাৰগৰাকীয়ে প্রতিহত কৰে৷

উল্লেখ্য যে ২০০৫ চনত অনূর্ধ্ব ২০ দলৰ বিশ্বকাপ বিজয়ী আর্জেণ্টিনাৰ গ’লৰক্ষক আছিল তেওঁ৷ দেশৰ জার্ছী পৰিধান কৰাৰ পিছত সেইটোৱেই আছিল মেচিৰ প্রথম ট্রফী৷ ২০০৮ চনৰ অলিম্পিকৰ স্বর্ণজয়ী আর্জেণ্টিনা দলতো আছিল দুইগৰাকী ফুটবলাৰ৷

ক্লাব বিশ্বকাপৰ প্রথমখন মেচত আর্জেণ্টিনাৰ বিশ্ববিজয়ী অধিনায়কক অতিক্রম কৰি নায়কত পৰিণত হয় তেওঁৰেই প্রাক্তন সতীর্থ৷ ইপিনে আল আহলীৰ গ’লৰক্ষক মহম্মদ এল চেনাউৰেও দলক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে৷

এই মেচখনত পৰাজিত হোৱাৰ ফলত মেচিৰ দলটোৰ বাবে পৰৱর্তী পর্যায়লৈ যোৱাৰ ক্ষেত্রত পথ কিছু কঠিন হ’ল৷

You might also like