লা লিগাত মেছি মেজিক অব্যাহত, বার্চিলোনাৰ জয়
ফুটবলৰ ৰাজপুত্রই সম্পূর্ণ কৰিলে কেৰিয়াৰৰ ৬৯৯টা গ’ল
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ মহামাৰীৰ আতংকৰ পিছত তিনি মাহৰ মূৰত পুনৰ আৰম্ভ হোৱা লা লিগা ফুটবল লীগত চমক অব্যাহত ৰাখিছে বার্চিলোনাৰ ছুপাৰ ষ্টাৰ লিঅ’নেল মেছিয়ে৷ দুদিন পূর্বে ৰিয়েল মালোৰকাৰ বিৰুদ্ধে বার্চিলোনাৰ ৪–০ গ’লৰ চমকপ্রদ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা তাৰকাগৰাকী যোৱানিশা লেগানেছৰ বিৰুদ্ধেও উজলি উঠে৷
কেম্প ন’ত অনুষ্ঠিত মেচখনত সুন্দৰ প্রদর্শনেৰে মেছিয়ে ৬৯ মিনিটত পেনাল্টীৰ জৰিয়তে বার্চিলোনাৰ হৈ দ্বিতীয়টো গ’ল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূর্বে বার্চিলোনাৰ উদীয়মান তাৰকা ১৭ বছৰীয়া আনছু ফাটিয়ে দলটোক প্রথমটো অগ্রগতি দিয়ে৷ তেওঁ ৪২ মিনিটত গ’লটো কৰে৷ মন কৰিবলগীয়া যে লা লিগাত এয়া মেছিৰ ৫৬টা সফল পেনাল্টী৷ ৬১টা পেনাল্টীৰে এই তালিকাত শীর্ষত আছে ক্রিষ্টিয়ানো ৰ’নাল্ডো৷
ইফালে, লেগানেছৰ বিৰুদ্ধে যোৱানিশা বার্চিলোনাই ২–০ গ’লৰ ব্যৱধানত জয় সাব্যস্ত কৰা মেচখনত গ’ল কৰি মেছিয়ে কেৰিয়াৰৰ মুঠ গ’লৰ সংখ্যা ৬৯৯টালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ এই জয়েৰে বার্চিলোনাই ২৯খন মেচৰ পৰা ৬৪ পইণ্ট অর্জনেৰে শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে৷ দ্বিতীয় স্থানপ্রাপ্ত ৰিয়েল মাদ্রিদে বার্চিলোনাতকৈ পাঁচ পইণ্ট কমকৈ লাভ কৰি আছে৷