মটেৰাৰ উইকেটক নিকৃষ্ট আখ্যা ইংলেণ্ডৰ প্রাক্তন অধিনায়ক মাইকেল ভনৰ
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত দিবা–নৈশ টেষ্ট মাত্র দুদিনৰ ভিতৰতে সামৰণি পৰাৰ পিছত মটেৰাৰ উইকেটক নিকৃষ্ট আখ্যা দিছে ইংলেণ্ডৰ প্রাক্তন অধিনায়ক মাইকেল ভনে৷ ভাৰতে নিজৰ সুবিধা অনুসৰি উইকেট প্রস্তুত কৰা বুলি অভিযোগ তুলি তেওঁ কয় যে আই চি চিয়ে এইক্ষেত্রত হস্তক্ষেপ কৰা উচিত যদিও ভাৰতৰ দৰে শক্তিশালী দেশক নিয়ন্ত্রণ কৰিবলৈ তেওঁলোকে সাহস গোটাব নোৱাৰে৷ ‘আই চি চিৰ মেৰুদণ্ডহীন স্থিতিৰ বাবে ভাৰতৰ দৰে শক্তিশালী দেশে অধিক সুযোগ লাভ কৰিছে৷ তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি দলৰ সুবিধা হোৱাকৈ উইকেট প্রস্তুত কৰিছে আৰু আই চি চি এইক্ষেত্রত নিমাত হৈ আছে৷ টেষ্ট মেচ এখন দুদিনৰ ভিতৰতে সমাপ্ত হোৱাটো ক্রিকেটৰ বাবে কেতিয়াও আদৰণীয় হ’ব নোৱাৰে৷ এইধৰণৰ নীৰস সমাপ্তিয়ে অনুৰাগীকো হতাশ কৰিব৷’ মাইকেল ভনে এইদৰে কয়৷
অৱশ্যে স্পীনসহায়ক উইকেটত ভাৰতৰ তুলনাত ইংলেণ্ডৰ বেটছমেনসকল যথেষ্ট দুর্বল বুলিও প্রাক্তন অধিনায়কগৰাকীয়ে স্বীকাৰ কৰে৷ ইফালে, ইংলেণ্ডৰ ৰটেশ্বন পলিচীক কঠোৰ সমালোচনা কৰি ৪৫ বছৰীয়া প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে ভাৰতৰ বিৰুদ্ধে খেলা এই গুৰুত্বপূর্ণ শৃংখলাত খেলুৱৈ সালসলনিৰ নীতি প্রযোজ্য কৰাটো উচিত হোৱা নাই৷ বিশেষকৈ জ’নী বেয়াৰষ্ট’, মঈন আলী আদিৰ দৰে গুৰুত্বপূর্ণ খেলুৱৈক আটাইকেইখন মেচতে সুযোগ দিব লাগিছিল৷
উল্লেখ্য যে ইংলেণ্ডে প্রথম টেষ্টত ভাৰতক পৰাস্ত কৰি শৃংখলাত সুন্দৰ আৰম্ভণি কৰিছিল যদিও দ্বিতীয় আৰু তৃতীয় টেষ্টত ভাৰতৰ স্পীন আক্রমণৰ সন্মুখত সম্পূর্ণৰূপে দিশহাৰা হয়৷