নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখী হ’বলৈ শিকোঁ আহক (২)

এসময়ত বিশ্বাস কৰা হৈছিল যে সুখৰ এটা প্রধান উৎস হ’ল বৈচিত্র্য৷Variety is the spice of life৷ বহুত মানুহে বৈচিত্র্যৰ সন্ধানত বিবিধ সুস্বাদু আহাৰৰ জুতি ল’ব খোজে বহুতে বিশ্বাস কৰে যে নতুন নতুন যৌন সংগীয়ে তেওঁলোকৰ জীৱন মাদকতাময় কৰি তুলিব পাৰে৷ বৈজ্ঞানিক গৱেষণাই এই দুয়োটা ধাৰণাকে মিছা বুলি প্রমাণ কৰিছে৷
কেইজনমান মানুহক দুটা দলত ভাগ কৰি এটা দলক নিতৌ বেলেগ বেলেগ আহাৰ খাবলৈ দিয়া হৈছিল আনটো দলক দিয়া হৈছিল সদায় প্রায় একে বিধৰ আহাৰ৷ পিছত দুয়োটা দলক একেলগ কৰি প্রশ্ণ সুধি জানিব পৰা গ’ল যে বিচিত্র আহাৰৰ জুতি লোৱা মানুহবোৰতকৈ বৈচিত্র্যহীন আহাৰ খোৱা মানুহবোৰৰ তৃপ্তিৰ পৰিমাণ বেছি বুলি প্রমাণিত হ’ল৷ ঠিক সেইদৰে বৈচিত্র্যৰ সন্ধানত নিত্য–নতুন যৌন সংগী বিচাৰি ফুৰা মানুহতকৈ বিবাহিত জীৱনত পৰস্পৰৰ প্রতি বিশ্বস্ত আৰু অনুগত স্বামী–স্ত্রীৰ যৌন জীৱন অধিক তৃপ্তিদায়ক হয় বুলিও বিজ্ঞানসন্মত পদ্ধতিৰে চলোৱা সমীক্ষাই প্রমাণ কৰিলে৷
আচল কথাটো হ’ল এই যে যিকোনো আনন্দদায়ক অভিজ্ঞতাই প্রথম কেইবাৰমানত মানুহক যিমানখিনি আনন্দ আৰু উত্তেজনা দিয়ে, পিছলৈ সি নাথাকে৷ পুনৰাবৃত্তিয়ে তাৰ পৰিমাণ ক্রমাৎ হ্রাস কৰি নি থাকে৷ সুখী হ’ব খোজা মানুহে এই স্বাভাৱিক সত্যটো সকলো সময়তে মনত ৰখা উচিত৷
মানুহে এই কথাও মনত ৰখা উচিত যে এখন নতুন গাড়ী কিনিলে বা লটাৰীত জিকি হঠাৎ বিপুল ধনৰ গৰাকী হ’লে মনত যি সুখৰ জোৱাৰ উঠে সি বেছি দিন স্থায়ী নহয়৷ সুখৰ নতুন অভিজ্ঞতাৰ লগত মানুহ অভ্যস্ত হৈ উঠাৰ কিছু দিনৰ পিছতেই মানুহ পুনৰ সুখৰ আগৰ স্তৰটোলৈ ঘূৰি যায়৷ এই কথাটোকে প্রমাণ কৰিবৰ কাৰণে ১৯৭০ চনত আমেৰিকাত লটাৰীত জিকা আৰু নিজিকা কিছুমান মানুহৰ মনস্তত্ত্ব অধ্যয়ন কৰা হৈছিল৷ দেখা গ’ল যে লটাৰীত জিকা মানুহবোৰৰ সুখ মাত্র এবছৰ স্থায়ী হ’ল৷ এবছৰৰ পিছত লটাৰীত জিকা আৰু নিজিকা মানুহৰ মানসিক অৱস্থাৰ একো পার্থক্য নাথাকিল৷ আন কথাত ক’ব পাৰি যে বাহিৰৰ পৰা আহৰণ কৰা সুখৰ বেছিভাগ উৎসই অস্থায়ী৷
সুখৰ বিষয়ে মনত ৰাখিবলগীয়া আন এটা গুৰুত্বপূর্ণ কথা হ’ল এই যে সুখৰ কোনো সর্বজনগ্রাহ্য সংজ্ঞা নাই৷ যিবোৰ কথাই বা বস্তুৱে এজন মানুহক সুখী কৰিব, সেই একেবোৰ কথা বা বস্তুৱে আন এজন মানুহক সুখী নকৰিবও পাৰে৷ উদাহৰণ স্বৰূপে মটৰ গাড়ীৰ কথাই ধৰা যাওক৷ আজিকালি যি অবিশ্বাস্য হাৰত মটৰ গাড়ীৰ সংখ্যা বাঢ়িব ধৰিছে তালৈ চাই ধাৰণা হয় যে বহুত মানুহৰ কাৰণে সুখৰ এটা প্রধান উপকৰণ হ’ল মটৰ গাড়ী৷ মটৰ গাড়ীৰ উপযোগিতা বা প্রয়োজন কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ সময় বচাবলৈ বা দূৰত্ব জয় কৰিবলৈ মটৰ গাড়ীয়ে মানুহক প্রভূত পৰিমাণে সহায় কৰিছে৷ কিন্তু কোনোমতে দুবেলা দুমুঠি খাই থকা বহুত মানুহেও ধাৰ–ধুপাৰ কৰি আৰু বহুতো সাংস্কৃতিক প্রয়োজনৰ পৰা নিজকে বঞ্চিত কৰি যিভাৱে গাড়ী কিনিছে তালৈ চাই ধাৰণা হয় যে তেওঁলোকৰ কাৰণে মটৰ গাড়ীৰ ব্যৱহাৰিক প্রয়োজনতকৈ বহুগুণে বেছি তেওঁলোকৰ মনস্ত্বাত্ত্বিক প্রয়োজন৷ অর্থাৎ এখন মটৰ গাড়ীৰ গৰাকী হ’ব পাৰিলেহে তেওঁলোক সুখী হয়৷ কিন্তু মই নিজে সুখী হ’বৰ কাৰণে এখন মটৰ গাড়ীৰ প্রয়োজন সমূলি অনুভৱ নকৰোঁ৷ সেই কাৰণে নূ্যনতম সামর্থ্য থকা সত্ত্বেও মই আজিলৈকে মটৰ গাড়ী কিনা নাই৷ মাত্র এই এটা উদাহৰণৰ দ্বাৰাই প্রমাণিত হয় যে সুখৰ কোনো সর্বজনগ্রাহ্য সাধাৰণ সংজ্ঞা নাই৷ বিজ্ঞানীয়ে সুখৰ বিষয়ে গৱেষণা কৰি থাকিলেও শেষ পর্যন্ত জি কে চেষ্টাৰটনৰ এই কথাই বোধহয় সঁচা যে ধর্মৰ নিচিনাকৈ সুখো এটা ৰহস্যময় অনুভূতি যুক্তিৰ দ্বাৰাই তাক ব্যাখ্যা কৰিব নোৱাৰি৷
এই কথাৰ প্রমাণ হিচাপে সুখৰ বিষয়ে গৱেষণা কৰা এজন মনোবিজ্ঞানীয়ে দিয়া এটা উদাহৰণ ব্যৱহাৰ কৰিব পাৰি৷ ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানী লী ডি ৰছে তেওঁৰ গৱেষক–ছাত্রী ছনজা ল্যুবমির্স্কিক কৈছিল– ‘মই এজন প্রকৃত সুখী মানুহক লগ পাইছিলোঁ৷ নাৎসী জার্মানীৰ ইহুদি নিধন যজ্ঞত Holocaust) মানুহজনে তেওঁৰ পিতৃ–মাতৃ দুয়োজনকে হেৰুৱাইছিল৷ কিন্তু তেওঁ হেৰুওৱা নাছিল মনৰ সুখ–শান্তি৷’ তেওঁ তাৰ কাৰণ ব্যাখ্যা কৰি কৈছিল– ‘হ’ল’কাষ্টৰ পৰা মই এই শিক্ষাই পালোঁ যে জীৱনৰ তুচ্ছ কথাবোৰৰ বিষয়ে চিন্তা কৰি থাকি অসুখী হোৱাটো এটা অনুচিত আৰু অশালীন কথা৷ মানুহে আনন্দ বিচৰা উচিত জীৱনৰ মাজত আৰু মানৱিক সম্পর্কৰ মাজত৷’
একেটা ঘটনাৰ পৰা বিভিন্ন মানুহে বিভিন্ন শিক্ষা ল’ব পাৰে৷ সেই ঘটনাবোৰৰ তাৎপর্য কোনে কেনেকৈ বুজিব বা তাৰ পৰা কি শিক্ষা ল’ব সেই কথা কোনে ঠিক কৰিব? নতুনকৈ সন্তানৰ মাক হোৱা এগৰাকী মহিলাই গোটেই ৰাতি উজাগৰে থাকিও সম্পূর্ণ সুখী আৰু আনন্দময় হৈ থাকিব পাৰে আনহাতে, উত্তেজনাৰ সন্ধানত টোপনি খতি কৰি ইটো পার্টীৰ পৰা সিটো পার্টীলৈ ঘূৰি ফুৰা এজনী উদ্দেশ্যহীন যুৱতীয়ে স্ফূর্তিত মচগুল হৈ থাকিও হূদয়ত অনুভৱ কৰিব পাৰে বিৰাট শূন্যতা৷ সুখী হোৱাৰ কিবা বৈজ্ঞানিক ফর্মূলা সঁচাকৈয়ে আছেনে?

You might also like