নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয় হাজাৰেত অসমৰ ক্রমাগত চতুর্থ জয়

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ বিজয় হাজাৰে এদিনীয়া ট্রফী ক্রিকেট প্রতিযোগিতাত অসমে ক্রমাগত চতুর্থ জয় সাব্যস্ত কৰিছে৷ চেন্নাইত চলি থকা প্লেট গ্রুপৰ এখন মেচত দলটোৱে আজি ছিকিমক ৪ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ২৪৬ ৰানৰ লক্ষ্যৰ পিছ লৈ অসমে ৬ উইকেটৰ বিনিময়ত ৪৭.৫ অভাৰত জয় সাব্যস্ত কৰে৷ অসমৰ এই জয়ৰ মূলতেই আছিল উইকেটৰক্ষক কুনাল শইকীয়া, ছাহিল জৈন আৰু ডেনিছ দাসৰ অর্ধশতক৷ পল্লৱ কুমাৰ দাস ১৯, শিৱশংকৰ ৰয় ১, গকুল শর্মা ১৭ ৰানত আউট হোৱাত দলটো বিপর্যয়ৰ সন্মুখীন হৈছিল যদিও বৰপেটাৰ উদীয়মান অ’পেনাৰ ডেনিছে ছাহিলৰ সৈতে চতুর্থ উইকেটত ২৯ আৰু ছাহিলে কুনাল শইকীয়াৰ সৈতে পঞ্চম উইকেটত মূল্যৱান ১২৯ ৰান যোগ দি অসমৰ জয় নিশ্চিত কৰে৷ কুনালে ৬৯, ছাহিলে অপৰাজিতভাৱে ৬১ আৰু ডেনিছে ৫৩ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷

ইয়াৰ পূর্বে টছত জিকি ইনিংছ মুকলি কৰি ছিকিমে নির্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৪৫ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ অধিনায়ক ৰবীন বিষ্টে ১২০ আৰু বৰুণ ছ’ডে ৫০ ৰানৰ অৰিহণা আগবঢ়ায়৷ অসমৰ হৈ অভিজ্ঞ বেগী বলাৰ প্রীতম দাসে মাত্র ৩৪ ৰান ব্যয় কৰি পাঁচটা উইকেট দখল কৰে৷ প্রতিযোগিতাখনত অসমৰ এয়া ক্রমাগত চতুর্থ জয়৷ ইয়াৰ পূর্বে দলটোৱে মণিপুৰ, অৰুণাচল, নাগালেণ্ডক পৰাস্ত কৰিছিল৷

You might also like