নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষোভ উজাৰি অৱসৰ ল’লে মহম্মদ আমীৰে

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ পাকিস্তান ক্রিকেট ব’ডৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনালে পাকিস্তানৰ তাৰকা বেগী বলাৰ মহম্মদ আমীৰে৷ দেশখনৰ ক্রিকেট ব’ডৰ মেনেজমেণ্টৰ ফালৰ পৰা দীর্ঘদিন ধৰি মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ অহা বুলি অভিযোগ তুলি ২৮ বছৰীয়া বাঁওহতীয়া বেগী বলাৰগৰাকীয়ে আকস্মিকভাৱে অৱসৰৰ কথা ঘোষণা কৰে৷ ‘পাকিস্তান ক্রিকেট ব’ডৰ মানসিক অত্যাচাৰত মই ভাগি পৰিছোঁ৷ মই ২০১০ৰ পৰা ২০১৫ চনলৈ ধাৰাবাহিকভাৱে মানসিক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ স্পট ফিক্সিঙৰ অনুসন্ধানৰ নামত ব’র্ডে মোৰ ওপৰত অযথা হাৰাশাস্তি কৰিছিল৷ মই শাস্তিও ভোগ কৰিবলগীয়া হ’ল৷ এনে পৰিৱেশত আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলি থকাৰ ইচ্ছা নাই৷ সেয়ে মই ভৱিষ্যতলৈ আন্তঃৰাষ্ট্রীয় মেচ নেখেলাৰ সিদ্ধান্ত লৈছোঁ৷’ মহম্মদ আমীৰে এইদৰে কয়৷

উল্লেখ্য যে ২০০৯ চনত টেষ্ট অভিষেক ঘটোৱা বাঁওহতীয়া বেগী বলাৰগৰাকীয়ে দেশৰ হৈ ৩৬খন টেষ্টত ১১৯টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ নিউজিলেণ্ড ভ্রমণৰ পৰা বাদ পৰাৰ পিছতো আমীৰে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছিল৷

You might also like