নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্ৰ মোদীৰ নামেৰে নামাকৰণ হ’ল বিশ্বৰ সর্ববৃহৎ ম’টেৰা ক্রিকেট ষ্টেডিয়াম

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হৈছে বহু প্রত্যাশিত দিবা–নৈশ টেষ্ট৷ এই তৃতীয় টেষ্ট আৰম্ভ হোৱাৰ ঠিক পূৰ্বে সলনি হ’ল বিশ্বৰ সর্ববৃহৎ ম’টেৰা ক্রিকেট ষ্টেডিয়ামৰ নাম। ১ লাখ ১০ হাজাৰ মুঠ আসন বিশিষ্ট মটেৰাৰ নৱনিৰ্মিত ষ্টেডিয়াম এতিয়াৰে পৰা পৰিচিত হ’ব নৰেন্দ্র মোদী ষ্টেডিয়াম নামেৰে। বুধবাৰে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে মটেৰাৰ নৰেন্দ্র মোদী ষ্টেডিয়াম। অৱশ্যে, ক্ৰিকেট ষ্টেডিয়ামকে ধৰি সমগ্ৰ স্পোর্টছ এনক্লেভেটো চৰ্দাৰ পেটেলৰ নামত নামকৰণ কৰা হৈছে।

স্পোর্টছ এনক্লেভৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত আছিল গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেন ৰিজিজু, বিচিচিআই সচিব জয় শ্বাহ।

ষ্টেডিয়ামখন উদ্বোধন কৰি ৰাষ্ট্ৰপতি কোবিন্দে কয়, “নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী  হৈ থাকোঁতে এই ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। তেওঁ সেই সময়ত গুজৰাট ক্ৰিকেট সন্থাৰ সভাপতিও আছিল। ”

ইপিনে গৃহমন্ত্ৰী অমিত শ্বাহে কয়,  “নৰেন্দ্ৰ মোদী ষ্টেডিয়ামসহ চৰ্দাৰ বল্লভভাই পেটেল স্পৰ্টছ এনক্লেভৰ সমান্তৰালকৈ নাৰায়ণপুৰতো এটা ক্ৰীড়া কমপ্লেক্স স্থাপন কৰা হ’ব। তিনিটা ঠাইতে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব পৰা যাব। ফলত আহমেদাবাদ ক্ৰীড়া চহৰ ৰূপে পৰিচিতি লাভ হ’ব। ‘

You might also like