নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ তেওঁৰ বাবে কেৱল ব্যৱসায়! ৩ স্বামীৰ সৈতে বিবাহৰ পাছত কি হ’ল কইনাৰ দশা…

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ বিয়া যেন এক প্ৰৱঞ্চনা! আৰু কেৱল এগৰাকী মহিলাই সেই প্ৰৱঞ্চনা কৰি টকা সংগ্ৰহ কৰিছিল। শেষত, স্বামীৰ অভিযোগত আৰক্ষীৰ জালত পৰিল মহিলা । ৩২ বছৰীয়া ইলি মহান্তিয়ে বিবাহৰ নামত টকাৰ ব্যৱসায় আৰম্ভ কৰিছিল। তাই বিয়া কৰিবলৈ আৰম্ভ কৰিছিল আৰু অশান্তিৰ সৃষ্টি কৰি বৃহৎ পৰিমাণৰ ধন লৈ মুক্তি পাব বিচাৰিছিল। ইলিৰ যেন এইটো স্বভাৱ আছিল!

সকলো ঘটনা ঠিকেই আছিল কোনেও সন্দেহ কৰা নাছিল। কিন্তু এশ গৰু মৰিলে বাঘৰো মৰণ। তৃতীয়বাৰ বিবাহ পাশত আবদ্ধ হৈ আৰক্ষীৰ জালত পৰিল। ঘটনাটোৰ উৰিষ্যাৰ।

ইলিয়ে কেৱল বিবাহ ভাঙিয়েই নহয়, বিয়া কৰিবলৈও লৈছিল টকা৷ তদন্ত আৰম্ভ কৰাৰ পিছত আচৰিত তথ্য আৰক্ষীৰ হাতত পৰিছে৷

প্ৰথম দুবাৰত বিয়া আৰু বিচ্ছেদ হোৱা সত্ত্বেও তৃতীয় স্বামীৰ ঘৰ ভাঙিবলৈ ইলিয়ে স্বামীৰ ঘৰ জ্বলাই দিব বিচাৰিছিল৷ আৰক্ষীয়ে জানিব দিছিল যে ইলিয়ে বাৰে বাৰে নিজৰ পৰিচয় সলনি কৰিছিল৷ তেওঁৰ পৰা কেইবাখনো আধাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছিল৷ তেওঁৰ নাম সিন্ধুমতী মুন্ডা, মমতা জৈন, মামতা আগৰৱালৰে সলনি কৰিছিল।

উৰিষাৰ সুন্দৰগড় জিলাৰ ৰঘুনাথপতিৰ জগদাৰ কন্যা ইলিৰ প্ৰথম স্বামীক কুমুদবন্দ পেটেল বুলি চিনাক্ত কৰা হৈছে৷ প্ৰথম স্বামীৰ ২০১৩ চনত মৃত্যু হৈছিল৷ তাৰ পিছত তেওঁ ৰাজেন্দ্ৰ দাসৰ সৈতে বিবাহপাশত আবদ্ধ  হৈছিল৷ কিন্তু সোনকালেই তেওঁ ৰাজেন্দ্ৰক বিবাহ বিচ্ছেদ বিচাৰি মোটা টকা লৈছিল৷

আৰক্ষীয়ে জানিবলৈ দিয়ে যে ২০২০ চনৰ জুন মাহত ইলিয়ে বিকাশ জৈনক বিবাহৰ প্ৰস্তাৱ দিছিল। বিকাশৰ পৰিয়ালে পুত্ৰৰ বিবাহৰ বাবে বহুত অপেক্ষাত আছিল। ইলিয়ে ৫ লাখ টকা দাবী কৰিছিল। পৰিয়ালটো সন্মত হৈছিল। তাইৰ নিজৰ পৰিচয় মমতা আগৰৱাল বুলি দিছিল। ইলিয়ে তাইৰ পৰিচয় গোপনে ৰাখিছিল।

কিন্তু ঘটনাতেই লাগিল কেণা। ইলি ওৰফে মমতাই ৰাজেন্দ্ৰৰ লগত ৩০ জুন ২০২০তেই বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ পিছতেই ইলিয়ে বিবাহ বিচ্ছেদৰ বাবে জোৰ-জবদস্তি কৰে। ইয়াৰ পিছতেই ৰাজেন্দ্ৰৰ সন্দেহ হয় আৰু তাৰ পিছতেই সকলো ঘটনাৰ ওৰ পৰে। ৰাজেন্দ্ৰৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ তদন্তৰ জালত ওলাই পৰিল কিদৰে ইলিয়ে ৰাজেন্দ্ৰৰ লগত বিবাহপাশত আবদ্ধ হৈও বিকাশৰ লগত বিবাহত বহিবলৈ সন্মত হৈছিল। ইলিয়ে প্ৰৱঞ্চনাৰ যে জাল ৰচিছিল, সেইবোৰ সকলো আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে।

You might also like