নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল -ত চতুর্থটো দল হিচাপে প্লে-অফত মুম্বাই

🔹 সূর্যৰ বিস্ফোৰক ৭৩ : বাহিৰ দিল্লী

নিউজ ডেস্ক, ২২ মে’ : আইপিএল -ত চতুর্থটো দল হিচাপে প্লে-অফত নিজৰ স্থান সুনিশ্চিত কৰিলে মুম্বাই ইণ্ডিয়ানছে। গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ পাছত চতুর্থটো দল হিচাপে চলিত আইপিএলৰ প্লে-অফত স্থান নিশ্চিত কৰিলে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে৷ প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত মুম্বায়ে দিল্লীক ৫৯ ৰানত পৰাস্ত কৰে৷ এই জয়েৰে মুম্বায়ে ১৩খন মেচৰ পৰা ১৬ পইণ্ট অর্জন কৰি পইণ্ট তালিকাৰ চতুর্থ স্থানটো অধিকাৰ কৰি আছে৷ ইফালে, মেচখনত পৰাস্ত হৈ প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হয় দিল্লী কেপিটেলছ৷ মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সমীৰ ৰিজভিৰ সর্বাধিক ৩৯ ৰানৰ সহায়ত দিল্লীয়ে ১৮.২ অভাৰত ১২১ ৰানহে কৰে৷ মুম্বাইৰ হৈ মিচেল ছাণ্টনাৰ আৰু যশপ্রীত বুমৰাহ উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি সূর্যকুমাৰ যাদৱৰ ৪৩ বলত অপৰাজিত ৭৩, ৰিকেলটনৰ ২৫, নমন ধীৰৰ ৮ বলত অপৰাজিত ২৪, তিলক বার্মাৰ ২৭ ৰানৰ সহায়ত মুম্বায়ে ৫ উইকেটত ১৮০ ৰান কৰে৷

You might also like