১ মে’ত মুম্বাই–ৰাজস্থানৰ ‘পিংক প্রমিজ’ মেচ
🔹 আন্তর্জাতিক নাৰী দিৱসত বিশেষ জার্ছী উন্মোচন
নিউজ ডেস্ক, ৯ মার্চ : আইপিএল দল ৰাজস্থান ৰয়েলছে কালি আন্তর্জাতিক নাৰী দিৱসৰ দিনটোতে আসন্ন ছিজনৰ বাবে তেওঁলোকৰ বহু প্রত্যাশিত ‘পিংক প্রমিজ’ মেচৰ আকর্ষণীয় অল পিংক জার্ছী উন্মোচন কৰে৷ আনহাতে, আন্তর্জাতিক মহিলা দিৱস উদযাপনৰ উক্ত কার্যসূচীতে ৰাজস্থান ৰয়েলছে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে অহা ১ মে’ত দলে জয়পুৰৰ সাৱাই মানসিং ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এই বর্ষৰ ‘পিংক প্রমিজ’ বিশেষ মেচখন খেলিব৷ অনুষ্ঠানত অংশ লৈ ৰাজস্থান ৰয়েলছৰ ক্রিকেটৰ সঞ্চালক তথা শ্রীলংকা ক্রিকেট দলৰ প্রাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাই কয়– ‘পিংক প্রমিজ’ৰ জৰিয়তে আমি এক স্থায়ী প্রভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ৷ এয়া কেৱল ব্যক্তিৰ ওপৰত নহয়, তেওঁলোকৰ পৰিয়াল আৰু সম্প্রদায়ৰ আধুনিক পৰিৱর্তনৰ প্রেৰণাদায়ক এটা ব্যৱস্থা৷ আমাৰ এই প্রত্যক্ষ পদক্ষেপে কেনেকৈ মহিলা সমাজৰ জীৱনক নতুন আশালৈ ৰূপান্তৰিত কৰে সেইটো আমি গভীৰভাৱে বিশ্বাস ৰাখোঁ৷ এটা দল হিচাপে আমি এই যাত্রাৰ অংশ হৈ অপৰিসীম গৌৰৱ অনুভৱ কৰিব পাৰো৷ ‘পিংক প্রমিজ’ কেৱল এটা অভিযান নহয়, এয়া এক সাংস্কৃতিক প্রতিশ্রুতি, যিয়ে আমাৰ মূল্যবোধক গঢ় দিয়ে আৰু আমি থিয় দিয়া মানসমূহ সংজ্ঞায়িত কৰে৷’ ইফালে, ৰাজস্থান ৰয়েলছৰ চিইঅ’ জেক লুছ মেকক্রামে কয়– ‘আমাৰ ফাউণ্ডেচনে যোৱা ৬ বছৰ ধৰি ৰাজস্থান আৰু অসমৰ গ্রামাঞ্চলৰ মহিলাৰ দৈনন্দিন জীৱনক নতুন আশালৈ ৰূপান্তৰিত কৰি আহিছে৷ কিন্তু ‘পিংক প্রমিজ’ পদক্ষেপে আমাৰ মিছনক বিশ্বব্যাপী মঞ্চলৈ লৈ গ’ল, লগতে লাখ লাখ লোকক এই যাত্রাৰ অংশ হ’বলৈ অনুপ্রাণিত কৰিলে৷’ উল্লেখ্য যে ৰয়েলছ দলে ৰাজস্থান তথা অসমৰ মহিলা নেতৃত্বাধীন গ্রাম্য ৰূপান্তৰৰ দিশত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আৰআৰ বনাম এমআই মেচৰ বাবে দর্শকে ক্রয় কৰা প্রতিটো টিকটৰ লগত দলৰ ফালৰ পৰা অতিৰিক্তকৈ এশ টকা অৱদানৰূপে আগবঢ়াব৷ ইয়াৰ উপৰি বিশেষ অল–পিংক ৰয়েলছৰ জার্ছী বিক্রীৰ পৰা পোৱা সকলো ধন পোনপটীয়াকৈ ৰয়েল ৰাজস্থান ফাউণ্ডেচন (আৰআৰএফ)লৈ যাব, যাতে এই অর্থ সাহায্যৰে সামাজিক প্রভাৱৰ পদক্ষেপক সহায় কৰিব পাৰে৷ তদুপৰি যিকোনো এটা দলে মেচখনত স্ক’ৰ কৰা প্রতিটো ছিক্সাৰৰ বিপৰীতে ৰাজস্থান ৰয়েলছ আৰু আৰ আৰ এফে গাঁৱৰ ছটা ঘৰত সৌৰশক্তিৰ ব্যৱস্থা নিশ্চিত কৰিব৷ এই অনুষ্ঠানত ৰয়েল ৰাজস্থান ফাউণ্ডেচনে আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰি ‘ঔৰত হায় তো ভাৰত হায়’ নামৰ অভিযান শীর্ষক তথ্যচিত্র উন্মোচন কৰে৷