হায়দৰাবাদক হৰুৱাই শীর্ষস্থানলৈ মুম্বাই
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে চলিত ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পইণ্ট তালিকাত শীর্ষস্থানলৈ উন্নীত হৈছে৷ সংযুক্ত আৰব আমিৰ শ্বাহীত পূর্ণগতিত চলি থকা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা আই পি এলৰ ত্রয়োদশ সংস্কৰণটোৰ দেওবাৰে শ্বাৰজাহত অনুষ্ঠিত মেচখনত ডিফেণ্ডিং চেম্পিয়ন মুম্বায়ে ছানৰাইজার্ছ হায়দৰাবাদক ৩৪ ৰানত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷ এই জয়েৰে ৰোহিত বাহিনীয়ে পাঁচখন মেচৰ পৰা ৬ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ শীর্ষ স্থানত উপৱিষ্ট হয়৷ দলটোৱে এতিয়ালৈকে ৫খন মেচ খেলি তিনিখনত জয়লাভ কৰাৰ বিপৰীতে দুখনত পৰাজয়বৰণ কৰিছে৷
কালিৰ মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ২০৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক ডেভিদ ৱার্নাৰৰ অর্ধশতকৰ সহায়ত ছানৰাইজার্ছ হায়দৰবাদে নির্ধাৰিত ২০ অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১৭৪ ৰান সংগ্রহ কৰে৷ ৱার্নাৰৰ বাহিৰে কোনো এজন বেটছমেনে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল৷ ৱার্নাৰে ৬০ ৰান কৰাৰ লগতে মনীষ পাণ্ডেই ৩০, বেয়াৰষ্ট’ই ২৫ আৰু আব্দুল ছামাদে ২০ ৰানৰ অৰিহণা আগবঢ়ায়৷ ৱার্নাৰৰ ৪৪টা বলৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু দুটা ছয়৷ তাৰকা বেটছমেন কেন উইলিয়ামছনে মাত্র তিনি ৰান কৰে৷ মুম্বাইৰ হৈ ট্রেণ্ট ব’ল্ট, জেমছ পেটিনছন আৰু যশপ্রীত বুমৰাহে দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ কুইণ্টন ডি ককৰ দর্শনীয় অর্ধশতকৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অ’ভাৰত ৫টা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্রহ কৰে৷ অধিনায়ক ৰোহিত শর্মাই ৬ ৰান কৰি পেভিলিয়নমুখী হয় যদিও ডি ককে ৬৭ ৰানৰ দর্শনীয় ইনিংছ খেলি দলক সন্তোষজনক স্থিতিত উপনীত কৰায়৷ ডি ককৰ ৩৯টা বলৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু সমসংখ্যক ছয়৷
ইফালে, সূর্যকুমাৰ যাদৱে ১৮টা বলত ২৭ ৰান, ঈছান কিষণে ২৩টা বলত ৩১ ৰান, হার্দিক পাণ্ডিয়াই ১৯টা বলত ২৮ ৰান কিৰণ পোলার্ডে ১৩টা বলত অপৰাজিত ২৫ ৰান কৰাৰ লগতে ক্রুনাল পাণ্ডিয়াই চাৰিটা বলত অপৰাজিতভাৱে ২০ ৰান কৰে৷ ছানৰাইজার্ছৰ হৈ সন্দীপ শর্মা আৰু সিদ্ধার্থ কৌল উভয়ে দুটাকৈ উইকেট লাভ কৰে৷