১০ জানুৱাৰীৰ পৰা মুস্তাক আলী টি–২০ঃ হায়দৰাবাদৰে খেলি অভিযান চলাব অসমে
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেট প্রতিযোগিতাৰে দেশৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতা আৰম্ভ কৰিব৷ অহা ১০–৩১ জানুৱাৰীত দেশৰ ৬টা স্থানত প্রতিযোগিতাখন অনুষ্ঠিত হ’ব৷ বি চি চি আইৰ সচিব জয় শ্বাহে ৰাজ্যিক ক্রিকেট সন্থাসমূহক এই কথা জানিবলৈ দিছে৷ ৩৮টা দলে মুঠ ৫টা গ্রুপত খেলিবলগীয়া টি–২০ প্রতিযোগিতাখন আয়োজনৰ দায়িত্ব লাভ কৰা স্থানসমূহ হ’ল বাংগালুৰু, কলকাতা, বৰোদা, ইন্দোৰ, মুম্বাই আৰু চেন্নাই৷ বাংগালুৰুত এ গ্রুপ, কলকাতাত বি গ্রুপ, বৰোদাত চি গ্রুপ, ইন্দোৰত ডি গ্রুপ, মুম্বাইত ই গ্রুপ আৰু চেন্নাইত প্লেট গ্রুপৰ মেচসমূহ খেলোৱা হ’ব৷
উল্লেখ্য যে অসমে প্রতিযোগিতাখনৰ বি গ্রুপত স্থান লাভ কৰিছে৷ এই গ্রুপত অসমৰ সৈতে থকা দলসমূহ হ’ল– ওড়িশা, বংগ, ঝাৰখণ্ড, তামিলনাডু আৰু হায়দৰাবাদ৷ অসমে ১০ জানুৱাৰীত হায়দৰাবাদৰ বিৰুদ্ধে মুস্তাক আলী টি–২০ৰ প্রথমখন মেচ খেলিব৷ ইয়াৰ পিছতে দলটোৱে ১২ জানুৱাৰীত তামিলনাডু, ১৪ জানুৱাৰীত ঝাৰখণ্ড, ১৬ জানুৱাৰীত বংগ আৰু ১৮ জানুৱাৰীত ওড়িশাৰ মুখামুখি হ’ব৷ প্রতিযোগিতাৰ নকআউট ৰাউণ্ডৰ মেচসমূহ আহমেদাবাদৰ নৱনির্মিত মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷