আইপিএলৰ বাবে পাকিস্তান ছুপাৰ লীগ এৰিলে মুজাৰাবাণীয়ে
ডিজিটেল ডেস্ক, ১৫ মার্চ : বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছত কলকাতা নাইট ৰাইডার্ছে তেওঁৰ স্থানত জিম্বাবৱেৰ বলাৰ মুজাৰাবাণীক অন্তর্ভুক্ত কৰিছিল৷ টি–২০ বিশ্বকাপত সুন্দৰ প্রদর্শন কৰা মুজাৰাবাণীয়ে বর্তমান পাকিস্তান ছুপাৰ লীগত চুক্তিবদ্ধ হৈ আছিল৷ কেকেআৰ কর্তৃপক্ষৰ পৰা লাভ কৰা ফোনকলৰ পাছতে পাকিস্তান ছুপাৰ লীগৰ পৰা তেওঁ নাম প্রত্যাহাৰ কৰে৷
সদ্যসমাপ্ত বিশ্বকাপত জিম্বাব’ৱেৰ খেলুৱৈগৰাকীয়ে মুঠ ১৩টা উইকেট দখল কৰিছিল৷ অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ দৰে প্রতিদ্বন্দ্বীৰ সন্মুখত চমকপ্রদ বলিঙেৰে কেকেআৰৰ নির্বাচকৰ আকর্ষণ লাভ কৰে মুজাৰাবাণীয়ে৷ মুঠ ৮৯খন আন্তঃৰাষ্ট্রীয় টি–২০ মেচ খেলা মুজাৰাবাণীয়ে ১০৬টা উইকেট লাভ কৰিছে৷ এইবাৰ কলকাতা নাইট ৰাইডার্ছত মাথিচা পাথিৰাণাৰ লগতে তেওঁক দ্বিতীয়গৰাকী বিদেশী বেগী বলাৰ হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷