পুনৰ ইতিহাস সৃষ্টি গ’ল্ডেন বয় নীৰজ চোপ্ৰাৰ
নিয়মীয়াবার্তা, ২৭আগষ্ট: ভাৰতীয় ডেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পুনৰবাৰ ইতিহাস সৃষ্টি কৰিছে৷ এইবাৰ ডায়মণ্ড লীগ ২০২২ত ইতিহাস ৰচনা কৰিলে নীৰজ চোপ্ৰাই । ভাৰতীয় তাৰকা ক্ৰীড়াবিদগৰাকীয়ে ল’জান ডাইমণ্ড লীগ মীটৰ খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগে লগে তেওঁ ৭ আৰু ৮ ছেপ্টেম্বৰত জুৰিখত অনুষ্ঠিত হ’বলগীয়া ডাইমণ্ড লীগৰ ফাইনেলতো প্ৰৱেশ কৰিছে। এই কৃতিত্ব অৰ্জন কৰা নীৰজ চোপ্ৰাই হৈছে প্ৰথমগৰাকী ভাৰতীয়।
উল্লেখ্য যে যোৱা মাহত বিশ্ব চেম্পিয়নশ্বিপৰ সময়ত ৰূপৰ পদক জয় কৰাৰ সময়ত হোৱা সামান্য আঘাতৰ বাবে বাৰ্মিংহাম কমনৱেলথ গেমছৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল যদিও ২৪ বছৰীয়া চোপ্ৰাই ডায়মণ্ড লীগত নিজৰ ষ্টাইলত প্ৰথম প্ৰচেষ্টাতে ৮৯.০৮ মিটাৰলৈ জেভলিন দলিয়াই খিতাপ অৰ্জন কৰে ।
Tokyo Olympics gold medallist Neeraj Chopra becomes the first Indian to clinch the Lausanne Diamond League with a best throw of 89.08m.
(File photo) pic.twitter.com/tNX3HA1Zvk
— ANI (@ANI) August 27, 2022