অসম বেডমিণ্টন সন্থাৰ নতুন সমিতি; সভাপতিৰ আসনত পুনৰ ড০ শর্মা
নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ আসনত পুনৰ অধিষ্ঠিত হৈছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৪ বছৰীয়া কার্যকালৰ বাবে গঠিত সন্থাৰ নতুন সমিতিৰ সভাপতি হিচাপে ড০ শর্মা বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷ আৰ জি বৰুৱা ক্রীড়া প্রকল্পস্থিত কনকলতা বৰুৱা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত অসম বেডমিণ্টন সন্থাৰ বার্ষিক সাধাৰণ সভাই এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷
উল্লেখ্য যে ড০ শর্মা সম্প্রতি ভাৰতীয় বেডমিণ্টন সন্থাৰো সভাপতিৰ আসনত আছে৷ ইফালে, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাং অসম বেডমিণ্টন সন্থাৰ কার্যকৰী সভাপতি নির্বাচিত হৈছে৷ একেদৰে সাধাৰণ সম্পাদক পদত পুনৰ বাহাল থাকিল ওমৰ ৰছিদ৷ আৰক্ষী বিষয়া পার্থসাৰথি মহন্ত উপ–সভাপতি আৰু গৌতম মহন্তই কোষাধ্যক্ষৰ দায়িত্ব লাভ কৰিছে৷