বিশ্বকাপৰ মহাৰণৰ পূর্বে বাকযুদ্ধৰে নতুন কৌশল গ্রহণ নিউজিলেণ্ডৰ অধিনায়কৰ
ডিজিটেল ডেস্ক, ৮ মার্চ : আৰু মাত্র কেইঘণ্টামান বাকী৷ আজি নিশা ৭ বজাত আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বহু প্রতীক্ষিত টি–২০ বিশ্বকাপৰ খিতাপ যুঁজৰ মেচ৷ খিতাপ যুঁজত নমাৰ পূর্বে বাকযুদ্ধত নতুন কৌশল গ্রহণ কৰিছে নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰে৷ নিউজিলেণ্ডৰ লক্ষ্য আহমেদাবাদৰ জনসাধাৰণক নীৰৱ কৰা নহয়, বৰঞ্চ তেওঁলোকৰ হূদয় ভাঙি বিশ্বকাপ জয় কৰাৰহে৷
অধিনায়ক ছাণ্টনাৰে স্পষ্টকৈ কয় যে নিউজিলেণ্ডে ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াক পৰাস্ত কৰিব বিচাৰে৷ ফাইনেল মেচখনৰ পূর্বে আজি আয়োজিত এক সংবাদ মেল সম্বোধন কৰি ছাণ্টনাৰে কয় যে আহমেদাবাদৰ উইকেট মই এতিয়ালৈকে প্রত্যক্ষ কৰা নাই৷ কিন্তু বহুত ৰান হ’ব৷ মই বিশ্বকাপৰ পূর্বে পাঁচখন মেচ খেলিছিলোঁ আৰু তাতো ভাল পিটচ আছিল৷ আমি প্রতিযোগিতাখনত ষ্টেপ বাই ষ্টেপ উন্নত প্রদর্শন দাঙি ধৰি আহিছোঁ৷ প্রথমে গ্রুপ ষ্টেজ, তাৰ পিছত ছুপাৰ এইট আৰু তাৰ পিছত ছেমিফাইনেল৷ এতিয়া আমাৰ লক্ষ্য হ’ল অন্তিমখন মেচত জয়ী হোৱাৰ৷
আহমেদাবাদ ষ্টেডিয়ামত ভাৰতীয় ক্রিকেট অনুৰাগীৰ হূদয় ভাগিব নেকি বুলি সোধা এক প্রশ্ণোত্তৰত কিৱি অধিনায়কগৰাকীয়ে কয় যে আমাৰ লক্ষ্য দর্শকক স্তম্ভিত কৰা৷ আমাতকৈ ঘৰুৱা দলটো অধিক চাপত থাকিব৷ যদি আমি ভাৰতৰ ওপৰত চাপ বৃদ্ধি কৰিব পাৰোঁ, তেতিয়াহ’লে আমি চেম্পিয়ন হোৱাৰ অধিক সম্ভাৱনা থাকিব৷ আমাৰ এটাই লক্ষ্য- আহমেদাবাদৰ দর্শকৰ হূদয় ভাঙি বিশ্বকাপ জয় কৰা৷