নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰুণ চক্রৱর্তীক লৈ বিশেষ ৰণনীতি নিউজিলেণ্ডৰ

🔹 দেওবাৰে ফাইনেলত সন্মুখ সমৰত ভাৰত-কিৱি

নিউজ ডেস্ক, ৮ মার্চ : চেম্পিয়নছ ট্রফীৰ দেওবাৰে হ’বলগীয়া ফাইনেল মেচখনত টীম ইণ্ডিয়াৰ চাঞ্চল্যকৰ স্পিনাৰ বৰুণ চক্রৱর্তীক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে নিউজিলেণ্ডে৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ দুখন মেচ খেলি মুঠ ৭টা উইকেট দখল কৰা বৰুণ চক্রৱর্তীয়ে ফাইনেল মেচখনত নিউজিলেণ্ডৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি শংকা ব্যক্ত কৰিছে নিউজিলেণ্ড দলটোৰ মুখ্য প্রশিক্ষক গেৰী ষ্টেডে৷ বৰুণ চক্রৱর্তী সন্দর্ভত কিৱি দলটোৰ মুখ্য প্রশিক্ষকগৰাকীয়ে কয় যে নিশ্চিতভাৱে বৰুণে ফাইনেলত খেলিব৷ গতিকে, আমি তেওঁৰ বিৰুদ্ধে বিশেষ ৰণনীতি তৈয়াৰ কৰি খেলিব লাগিব৷ তেওঁৰ বিৰুদ্ধে ৰান সংগ্রহৰ কৌশল আমি উলিয়াব লাগিব৷ যোৱা দুখন মেচত বৰুণৰ বলিং বিশ্লেষণ কৰি থকা হৈছে৷ বৰুণ এজন ভাল বলাৰ৷ গ্রুপৰ অন্তিমখন মেচত আমাৰ বিৰুদ্ধে স্পিনাৰগৰাকীয়ে নিজৰ দক্ষতা প্রমাণ কৰিছিল৷ গতিকে, আমি ফাইনেলত তেওঁৰ বিৰুদ্ধে অতি সাৱধানতাৰে খেলিব লাগিব৷

You might also like