বাকী থকা আইপিএলৰ মেচত নাথাকিব চিয়েৰলীডার্ছ-DJ
নিউজ ডেস্ক, ১৪ মে’ : বাকী থকা আইপিএলৰ মেচত নাথাকিব চিয়েৰলীডার্ছ-DJ। ভাৰত–পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিচত পুনৰ আৰম্ভ হ’ব আইপিএল৷ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণত ২৬জন লোকৰ মৃত্যুৱে দেশবাসীক ম্রিয়মাণ কৰি তোলাৰ বাবে সুনীল গাভাস্কাৰে মনোৰঞ্জন অবিহনে আইপিএলৰ বাকী মেচসমূহ আয়োজন কৰিবৰ বাবে বিচিচিআইক অনুৰোধ জনাইছে৷
ব’র্ডে গাভাস্কাৰৰ অনুৰোধৰ প্রতি সন্মতি জনাই বাকী থকা আইপিএল মেচবোৰত চিয়েৰলীডার্ছ-DJ অবিহনে অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে৷ ব’ৰ্ডৰ এক সূত্রই জনোৱা মতে, বাকী থকা মেচসমূহত চিয়াৰলীডার্ছ নাথাকিবও পাৰে৷ খেলৰ সময়ত সংগীত বজাই দর্শকক মনোৰঞ্জন নিদিব ডিজেও৷ অৱশ্যে ফাইনেলত মনোৰঞ্জন হোৱাৰ সম্ভাৱনা আছে৷
ব’ৰ্ডৰ লক্ষ্য এতিয়া আইপিএল ন্যায্যভাৱে সমাপ্ত কৰা৷ গতিকে তেওঁলোকে কোনো অতিৰিক্ত মনোৰঞ্জন দিবলৈ অনিচ্ছুক৷ মন কৰিবলগীয়া যে আইপিএলত লীগ আৰু প্লে অফকে ধৰি আৰু ১৭খন মেচ আছে৷ গাভাস্কাৰে কয় যে বহু পৰিয়ালে নিজৰ ঘনিষ্ঠ আত্মীয়ক হেৰুৱাইছে৷ এনে পৰিস্থিতিত মই আন্তৰিকতাৰে আশা কৰিছো যে আইপিএলত কোনো অতিৰিক্ত মনোৰঞ্জন নাথাকিব৷