বিশ্বজুৰি অব্যাহত ক’ভিডৰ সংক্রমণঃ অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ উত্তৰ কোৰিয়াৰ
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে এবছৰলৈ পিছুওৱা টকিঅ’ অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ কৰিছে উত্তৰ কোৰিয়াই৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱলৈ মাজত মাথোঁ তিনিটা মাহ বাকী থকা অৱস্থাত মঙলবাৰে উত্তৰ কোৰিয়াৰ ক্রীড়া মন্ত্রালয়ে এই কথা ঘোষণা কৰে যে অহা জুলাই–আগষ্টত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকত তেওঁলোকৰ প্রতিনিধি নাথাকিব৷
বিশ্বজুৰি অব্যাহত থকা ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি উত্তৰ কোৰিয়াই অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ কৰা বুলি দেশখনৰ ক্রীড়া মন্ত্রালয়ে স্পষ্ট কৰে৷ দেশখনৰ এই সিদ্ধান্তই স্বাভাৱিকতে অলিম্পিকৰ আয়োজক মণ্ডলীক অস্বস্তিত পেলাইছে৷
উল্লেখ্য যে সুদীর্ঘ ৩৩ বছৰৰ মূৰত প্রথমবাৰলৈ গ্রীষ্মকালীন অলিম্পিকত উত্তৰ কোৰিয়াৰ খেলুৱৈক দেখিবলৈ পোৱা নাযাব৷ ১৯৮৮ৰ শীতল যুদ্ধৰ বাবে উত্তৰ কোৰিয়াই ছিউল অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ কৰিছিল৷
ইফালে উত্তৰ কোৰিয়াই টকিঅ’ অলিম্পিকৰ পৰা নাম প্রত্যাহাৰ কৰাৰ পিছত ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰা বাই ছানুৰ পদক জয়ৰ আশা অধিক সজীৱ হৈ পৰিছে৷ কিয়নো ২০১৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত মীৰা বাইক হৰুৱাই ব্রঞ্জৰ পদক জয়ৰ লগতে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা খেলুৱৈগৰাকী আছিল দক্ষিণ কোৰিয়াৰ ৰি শ্বং গাম৷