নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সাজু পণ্ট

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ আই পি এলত প্রথমবাৰৰ বাবে অধিনায়কৰ ৰূপত খেলপথাৰত নামিবলৈ সাজু হৈছে ভাৰতীয় ক্রিকেটৰ নৱতম চাঞ্চল্য ঋষভ পণ্ট৷ আঘাতপ্রাপ্ত শ্রেয়াছ আয়াৰৰ স্থানত এইবাৰ দিল্লী কেপিটেলছক নেতৃত্ব দিবলগীয়া উদীয়মান তাৰকাগৰাকীয়ে আই পি এলৰ প্রস্তুতি সন্দর্ভত কয় যে ঐশ্বর্যশালী টি–২০ লীগত তেওঁ সন্মুখৰ পৰা নেতৃত্ব দি দিল্লীৰ ব্যর্থতাৰ ইতিহাস সলনি কৰিবলৈ সাজু হৈছে৷

‘প্রথমতে মই দিল্লী কেপিটেলছক ধন্যবাদ জনাব বিচাৰোঁ৷ তেওঁলোকে মোক এক সুযোগ দিছে আৰু মই এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ সর্বস্ব উজাৰি খেলিম৷ আমি এতিয়ালৈকে খিতাপ জয় কৰিব পৰা নাই৷ যোৱাবাৰ খিতাপৰ ওচৰ চাপি ফাইনেলত থমকি ৰৈছিলোঁ৷ এইবাৰ মই দলৰ হৈ খিতাপ জয় কৰাৰ সংকল্পেৰে খেলপথাৰত নামিম৷’ ২৩ বছৰীয়া পণ্টে এইদৰে কয়৷

উল্লেখ্য যে ৬৮খন আই পি এল মেচত ২০৭৯ ৰান সংগ্রহ কৰিবলৈ সক্ষম হোৱা দিল্লী কেপিটেলছৰ বিস্ফোৰক উইকেটৰক্ষক বেটছমেন তথা নৱনিযুক্ত অধিনায়কগৰাকী সম্প্রতি দুর্দান্ত ফর্মত আছে৷ অষ্ট্রেলিয়া ভ্রমণত চাঞ্চল্যকৰ বেটিঙেৰে ভাৰতীয় টেষ্ট দললৈ ঐতিহাসিক সাফল্য কঢ়িয়াই অনা পণ্টে ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট, টি–২০ আৰু এদিনীয়া শৃংখলাতো বিস্ফোৰক বেটিঙেৰে উজলি উঠে৷ অবিশ্বাস্য বেটিঙেৰে কেইবাটাও মেচ উইনিং ইনিংছেৰে পণ্টে একপ্রকাৰ ভাৰতীয় ক্রিকেটত আলোড়ন তুলিছে৷

আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ এই চমকপ্রদ ফর্মৰ সুবাদতে তেওঁ এইবাৰ আই পি এলত দিল্লী কেপিটেলছৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছে৷ ইফালে, মহেন্দ্র সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আই পি এলত অভিযান আৰম্ভ কৰিবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰা বুলি পণ্টে  উল্লেখ কৰে৷

‘অধিনায়ক হিচাপে মোৰ প্রথমখন মেচ হ’ব মাহী ভাইৰ বিৰুদ্ধে৷ তেওঁৰ পৰা মই যথেষ্ট কথা শিকিছোঁ৷ তেওঁৰ বিৰুদ্ধে খেলপথাৰত নমাৰ অভিজ্ঞতা মোৰ বাবে যথেষ্ট সুকীয়া হ’ব৷ চি এছ কেৰ বিৰুদ্ধে কিবা এটা পৃথক কৰি দেখুওৱাৰ চেষ্টা চলাম৷’ পণ্টে এইদৰে কয়৷ দিল্লী কেপিটেলছে অহা ১০ এপ্রিলত চি এছ কেৰ মুখামুখি হ’ব৷

You might also like