হত্যাকাণ্ডত নাম সাঙোৰ অলিম্পিয়ান সুশীলৰ
নিয়মীয়া বাৰ্তা, ৭ মেঃ প্রাক্তন জুনিয়ৰ ৰাষ্ট্রীয় মল্লযুঁজ চেম্পিয়ন সাগৰৰ হত্যাকাণ্ডত নাম সাঙোৰ খালে দুবাৰৰ অলিম্পিক চেম্পিয়ন তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰৰ৷ ৰাজধানী দিল্লীৰ সত্রশাল ষ্টেডিয়ামৰ বাহিৰত বন্ধুৰে হোৱা এক মাৰপিটৰ ঘটনাত নিহত হৈছিল প্রতিভাৱান মল্লযুঁজাৰু সাগৰ৷ এই ঘটনাটোৰ লগত সুশীল কুমাৰ জড়িত থকা বুলি আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰা হৈছে৷ অলিম্পিয়ানগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে সুশীল কুমাৰক বিচাৰি দিল্লীৰ বিভিন্ন স্থানত অভিযান আৰম্ভ কৰিছে যদিও তাৰকা মল্লযুঁজাৰুগৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই৷
ঘটনাটো সন্দর্ভত দিল্লীৰ উত্তৰ–পশ্চিমৰ অতিৰিক্ত ডি চি পিয়ে কয় যে মঙলবাৰে দুপৰীয়া সংঘটিত এই হত্যাকাণ্ডৰ ঘটনাটোৰ লগত সুশীল কুমাৰৰ হাত থকা বুলি অভিযোগ উঠিছে৷ ঘটনাটো সন্দর্ভত সোধা–পোছাৰ বাবে আৰক্ষীৰ দলে সুশীল কুমাৰৰ ঘৰত উপস্থিত হৈছিল যদিও তেওঁ ঘৰত নাছিল৷ বর্তমান আমি তেওঁক বিচাৰি অভিযান চলাই আছোঁ৷ হত্যাকাণ্ডৰ ঘটনাটোত জড়িত থকা লোকসকলক বিচৰাৰ বাবে আমি আৰক্ষীৰ কেইবাটাও দল গঠন কৰিছোঁ৷ এই মাৰপিটৰ ঘটনাটোত আন চাৰিগৰাকী মল্লযুঁজাৰুও আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷
আৰক্ষীৰ সূত্রটোৱে লগতে জনোৱা মতে এই মাৰপিটৰ ঘটনাটো মঙলবাৰে নিশা ১.১৫–১.৩০ বজাৰ ভিতৰত সংঘটিত হৈছিল৷ ঘটনাটোৰ খবৰ পোৱা মাত্রকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তাত পাঁচখন গাড়ী উদ্ধাৰ কৰে৷ ঘটনাস্থলীত সাগৰৰ লগতে আন চাৰিগৰাকী সতীর্থক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও প্রাক্তন জুনিয়ৰ ৰাষ্ট্রীয় চেম্পিয়ন সাগৰৰ মৃত্যু হয়৷