নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্মশানৰ পৰা আইচিইউলৈ স্বাস্থ্যমন্ত্রীৰ তৎপৰতা

ক’ভিডৰ দ্রুত সংক্রমণ ৰুধিবলৈ বদ্ধপৰিকৰ ড০ শর্মা

নিয়মীয়া বাৰ্তা ৭ মেঃ মাত্র কেইটামান দিনৰ ভিতৰতে ৰাজ্যৰ ক’ভিড পৰিস্থিতি জটিলৰ পৰা জটিলতৰ হৈ পৰিছে৷ মহামাৰী ক’ভিডৰ দ্রুত সংক্রমণ ৰুধিবলৈ বদ্ধপৰিকৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পৰীক্ষণ ব্যৱস্থা ব্যাপক কৰা, অক্সিজেন পর্যাপ্ত মজুত ৰখা, আই চি ইউ বিছনাৰ সংখ্যা বৃদ্ধি, নতুন নতুন ক’ভিড হাস্পতাল আৰু ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন, ভেকচিন পর্যাপ্ত ৰূপত উপলব্ধ কৰা, ৰেমডেছিভিৰ ইনজেকচন পর্যাপ্ত ৰূপত মজুত ৰখা আদি কাম নিজেই তদাৰক কৰি আহিছে৷

আনকি গুৱাহাটী মহানগৰীত ক্রমাৎ সংক্রমণৰ হাৰ অধিক বৃদ্ধিৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়ি অহালৈ চাই কেনেদৰে মহানগৰীত পৰিস্থিতি নিয়ন্ত্রণ কৰিব, সেই সম্পর্কত একে সময়তে তেওঁ স্বাস্থ্য বিভাগৰ লগতে কামৰূপ (মহানগৰ) জিলা প্রশাসনৰ সৈতেও আলোচনাত মিলিত হৈ প্রয়োজনীয় পদক্ষেপ গ্রহণৰ ব্যৱস্থা কৰে৷ ইয়াৰ মাজতে মন্ত্রী ড০ শর্মাই কালি নিশা প্রায় ১০.৩০ বজাত গুৱাহাটীৰ উলুবাৰী শ্মশানত উপস্থিত হৈ মৃতদেহ সৎকাৰৰ পর্যবেক্ষণ কৰাৰ লগতে বৃহস্পতিবাৰে দুপৰীয়া প্রায় ১.৪০ বজাত জি এম চি এইচৰ ক’ভিড হাস্পতালত উপস্থিত হৈ পি পি ই কিট পৰিধান কৰি আই চি ইউত থকা ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়৷

বুধবাৰে মাজনিশা উলুবাৰী শ্মশানত উপস্থিত হৈ ক’ভিডত মৃত্যু হোৱা লোকসকলৰ শেষকৃত্যৰ পর্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যখন ভয়াৱহৰ দিশে গৈ আছে৷ একে দিনাই ১৭জন লোকৰ, ২৪জন লোকৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া আগে–পিছে হোৱা নাই৷ বর্তমান গুৱাহাটীৰ উলুবাৰী আৰু ভূতনাথ শ্মশানৰ লগতে আঠগাঁও কবৰস্থানত ক’ভিডত মৃত্যুবৰণ কৰা লোকসকলৰ অন্তিম সংস্কাৰ কৰি থকা হৈছে৷ অন্তিম সংস্কাৰৰ সৈতে জড়িত শ্মশান আৰু কবৰস্থানৰ লোকসকলৰ সুৰক্ষাৰ বাবে ক’ভিড ভেকচিন প্রদান কৰিব বুলি সেই নিশাই তেওঁ ঘোষণা কৰে৷ মন্ত্রী ড০ শর্মাৰ সেই ঘোষণা কৰাৰ পাছতেই উক্ত শ্মশান দুখন আৰু কবৰস্থানৰে জড়িত লোকসকলক বৃহস্পতিবাৰে পৰা ভেকচিন দিয়াৰ কাম আৰম্ভ হয়৷

ইপিনে বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত মন্ত্রী ড০ শর্মা জি এম চি এইচত উপস্থিত হৈ পি পি ই কিট পৰিধান কৰি ক’ভিড হাস্পতালৰ আই চি ইউত থকা ৰোগীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়৷ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয়– জি এম চি এইচৰ আই চি ইউত থকা ক’ভিড ৰোগীসকলে কেনেধৰণৰ সেৱা শুশ্রূষা লাভ কৰিছে, সেয়া নিজে চালোঁ৷ পূর্বৰ তুলনাত এইবাৰৰ পি পি ই কিট ভাল৷ চিকিৎসাৰ ব্যৱস্থাও পূর্বতকৈ ভাল৷ আধুনিক মেচিনেৰে ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে৷ ইনছুলিন চেলাইনৰ ভিতৰতে দিয়াৰ ব্যৱস্থা আছে৷ অক্সিজেন যোগানো ঠিকে আছে৷ বর্তমান জি এম চি এইচৰ আই চি ইউত থকা ক’ভিড ৰোগীসকলৰ ভিতৰত দুজনক বাদ দি সকলোৰে অৱস্থা ভাললৈ আহিছে৷ আই চি ইউৰ সংখ্যা পর্যাপ্ত থাকিলে ৰোগীৰ জীৱন বচাব পৰা যাব বুলি তেওঁ জানিবলৈ দিয়ে৷ জি এম চি এইচত সম্প্রতি ক’ভিড ৰোগীৰ বাবে ১৩টা আই চি ইউ খালী থকা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে আই চি ইউৰ পৰা তিনি–চাৰিজন লোক ৰিলিজ দিব পৰা অৱস্থাত আছে৷

আনহাতে, শিলচৰ মেডিকেল কলেজ হাস্পতালত আজিৰে পৰা নতুনকৈ ৬০খন আই চি ইউ বিছনা আৰম্ভ হৈছে৷ এই আই চি ইউসমূহ পি এম কেয়ার্ছ ফাণ্ডৰ পৰা নির্মাণ কৰা হৈছে৷ সেইদৰে জি এম চি এইচৰ পার্কিঙত নির্মাণ হ’বলগীয়া আই চি ইউ, অক্সিজেন বিছনাযুক্ত ক’ভিড হাস্পতালৰ বাবে গড়কাপ্টানী বিভাগে বুধবাৰে নিবিদা আহ্বান কৰাৰ বিষয়ে জানিবলৈ দিয়ে৷

সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই ৰাজ্যৰ সাম্প্রতিক ক’ভিড পৰিস্থিতি সম্পর্কত তেওঁ কয় যে পৰিস্থিতি জটিল৷ গুৱাহাটীত যাতে লকডাউন দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে ৰাইজে সহযোগিতা আগবঢ়াব লাগিব৷ প্রয়োজন নহ’লে ৰাইজে ঘৰৰ পৰা ওলাই অহাৰ কোনো প্রয়োজন নাই৷ কালি ৰাজ্যখনত ৫৫জন লোকৰ ক’ভিডত মৃত্যু হৈছে৷ গুৱাহাটীত এখন শ্মশানত ১৭জনকৈ সৎকাৰ কৰা হৈছে৷ শতকৰা হিচাপত এই সংখ্যা ০.৫ শতাংশ৷ কিন্তু সংখ্যাৰ দিশেৰে ৫৫ ডাঙৰ সংখ্যা৷ এই জটিল পৰিস্থিতিত ৰাইজে পৰিৱেশৰ লগত মোকাবিলা কৰিব লাগিব৷ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ প্রসংগত তেওঁ কয় যে আই চি এম আৰৰ মতে ক’ভিডত আক্রান্তসকলৰ ভিতৰত ১ৰ পৰা ৩ শতাংশৰ প্রতিদিনে মৃত্যু হয়৷ এটা দিনত ৪,০০০ লোক ক’ভিডত আক্রান্ত হ’লে তাৰ ৩ শতাংশ অর্থাৎ ১২০জনৰ অৱস্থা শোচনীয় হৈ পৰে৷ ইয়াৰে আধাসংখ্যকৰ মৃত্যু ঘটে৷ ড০ শর্মাৰ মতে আক্রান্তৰ সংখ্যা বাঢ়িছে বাবেই মৃত্যু হোৱা লোকৰো সংখ্যা বাঢ়িছে৷ ৰোগীৰ সংখ্যা কমি আহিলে মৃত্যুৰ সংখ্যাও কমি আহিব৷

গুৱাহাটীত লকডাউন দিয়াৰ পৰিৱেশ এৰাই চলিব পাৰিলেই ক’ভিডৰ পৰা বাচিব পৰা যাব৷ অৱশ্যে একে সময়তে গুৱাহাটীবাসীৰ বাবে এটা পজিটিভ দিশ এয়ে যে মহানগৰীত এটা পর্যায়তে আক্রান্তৰ সংখ্যা সীমাবদ্ধ হৈ আছে৷ দৈনিক ১,৫০০ৰ আশে–পাশে আক্রান্তৰ সংখ্যা সীমাবদ্ধ হৈ আছে৷ ইফালে, মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি ছেৰাম ইনষ্টিটিউটৰ পৰা বৃহস্পতিবাৰে ১ লাখ ক’ভিশ্বিল্ড ভেকচিন অসমে লাভ কৰিছে৷ ৪৫ বছৰ বয়সৰ ঊর্ধ্বৰ লোকৰ বাবে এই ভেকচিন আহিছে৷ বর্তমান ৰাজ্যখনত ৩,২৫,৪৭০ ভেকচিন মজুত আছে৷
অসমত ক’ভিডৰ বিভিন্ন প্রজাতিৰ সংক্রমণঃ স্বাস্থ্যমন্ত্রী
অসমত ক’ভিডৰ বিভিন্ন প্রজাতিৰ সংক্রমণ ঘটিছে৷ আজি এই কথা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ জি এম চি এইচত আজি সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই সেই বিষয়ে প্রকাশ কৰি কয় যে ইয়াত ক’ভিডৰ কেইবাটাও প্রজাতি ঘূৰি আছে৷ ক’ভিডৰ অৰিজিন ভাইৰাছৰ উপৰি মহাৰাষ্ট্র ষ্ট্রেইন, ইউ কে ষ্ট্রেইন, ব্রাজিলিয়ান ষ্ট্রেইন, কেলিফ’র্নিয়া ষ্ট্রেইনৰ ভাইৰাছে সংক্রমণ ঘটি আছে৷ মন্ত্রী ড০ শর্মাৰ মতে কোনোবা এটা ষ্ট্রেইনত আক্রান্ত হ’লে ৰোগী ভাল হৈ যায় আৰু কোনোবা এটাত আক্রান্ত হ’লে অৱস্থা বেয়া হৈ পৰে৷ মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে টেলিফোনযোগে তেওঁৰ সৈতে ক’ভিডৰ ওপৰত কৰা আলোচনাত মুখ্যমন্ত্রীক তেওঁ সেই বিষয়েও অৱগত কৰিছে৷

You might also like