নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনেৰ এ এছ আইত অনুশীলন কৰিব মেৰীকমে

নিয়মীয়া বাৰ্তা, ৭ মেঃ টকিঅ’ অলিম্পিকলৈ পূর্ণ প্রস্তুতিৰ বাবে সাজু হৈছে ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমৰ লগতে অসম কন্যা লাভলিনা বৰগোহাঁই আৰু ছিমৰনজিৎ কৌৰে৷ ইতিমধ্যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা তিনিওগৰাকী বক্সাৰে পুনেৰ আর্মি স্প’টছ ইনষ্টিটিউটত অনুশীলন আৰম্ভ কৰিব৷ দেশৰ বিভিন্ন প্রান্তৰ লগতে নতুন দিল্লীতো ক’ৰোনাৰ ভয়াৱহতা বৃদ্ধি পোৱাত ভাৰতীয় মহিলা বক্সিং দলৰ শিবিৰটো দিল্লীৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই৷

ইপিনে, অলিম্পিকলৈ যোগ্যতা অর্জন কৰা আনগৰাকী মহিলা বক্সাৰ পূজাৰাণীয়ে বেৰেলিৰ ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্প’টছত অনুশীলন কৰিব৷

You might also like