নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতৰ সন্মুখত পাকিস্তান

🔹 আজি ভাৰত-পাকিস্তানৰ মহাৰণ

🔹 আহমেদাবাদত বিশ্বকাপৰ হাইভল্টেজ মেচ

🔹 খেলাৰ সম্ভাৱনা অধিক শুভমনৰ

বিশেষ বাৰ্তা, ১৪ অক্টোবৰ : প্রতীক্ষাৰ অন্ত৷ বিশ্ব ক্রিকেট অনুৰাগীয়ে অধীৰ আগ্রহেৰে বাট চাই থকা এদিনীয়া বিশ্বকাপৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভ’ল্টেজ মেচখন আৰু কেইটামান মুহূৰ্তৰ পিছতে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত–পাকৰ এই মেচখনক লৈ ইতিমধ্যে অনুৰাগীৰ মাজত আৰম্ভ হৈছে ব্যাপক উন্মাদনা৷ দূৰ–দূৰণিৰ পৰা মেচখন উপভোগ কৰাৰ বাবে ইতিমধ্যে আহমেদাবাদত উপস্থিত হৈছে অনুৰাগী৷ ইতিমধ্যে এই হাইভ’ল্টেজ মেচখনৰ বাবে আহমেদাবাদৰ হোটেলসমূহৰ ভাৰা আকাশলংঘী হৈছে৷ মেচখনৰ উন্মাদনা বৃদ্ধি পোৱাৰ লগে লগে টীম ইণ্ডিয়া আৰু পাকিস্তানৰ খেলুৱৈসকলৰ মাজতো চাপৰ সৃষ্টি হৈছে৷ অৱশ্যে এদিনীয়া বিশ্বকাপত পাকিস্তানৰ বিপক্ষে অপৰাজেয় হৈ আছে ভাৰতীয় দলটো৷ এতিয়ালৈকে এদিনীয়া বিশ্বকাপত দুয়োটা দলে ৭বাৰ মুখামুখি হৈছে আৰু আটাইকেইখন মেচতে ভাৰতীয় দলটোৱে জয়ৰ মুখ দেখিছে৷ পূর্বৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি আত্মবিশ্বাসেৰে নামিব ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ প্রথম দুখন মেচত জয়লাভ কৰি সম্প্রতি দলটোৰ খেলুৱৈসকলৰ মনোবল যথেষ্ট বৃদ্ধি পাইছে৷ আজিৰ এই গুৰুত্বপূর্ণ মেচখনৰ পূর্বে ভাৰতীয় দলটোৰ বাবে এক সুখবৰ৷ ডেংগুৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ কৰিছে তাৰকা অ’পেনাৰ শুভমন গিলে৷ আজিৰ মেচত গিলৰ অংশগ্রহণ সন্দর্ভত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে গিল সম্প্রতি ৯৯ শতাংশই সুস্থ আৰু তেওঁ খেলাৰ পূর্ণ সম্ভাৱনা আছে৷ অৱশ্যে চূড়ান্ত সিদ্ধান্ত মেচৰ আগমুহূর্তত লোৱা হ’ব বুলি মন্তব্য কৰে অধিনায়কগৰাকীয়ে৷ গিলৰ প্রত্যাৱর্তনে ভাৰতীয় মূল একাদশ গঠন কৰাৰ ক্ষেত্রত কিছু সমস্যাৰ সন্মুখীন হ’ব দলীয় মেনেজমেণ্ট৷ পাকৰ বিপক্ষে খেলাটো সদায়ে এক সুকীয়া বুলি মন্তব্য কৰি অধিনায়ক ৰোহিত শর্মাই কয় যে ভাৰত–পাকৰ মেচত সদায়ে এক অন্য চাপ থাকে৷ মেচখন আকর্ষণীয় হৈ উঠাটো খাটাং বুলি ৰোহিতে লগতে কয়৷ ইফালে, এদিনীয়া বিশ্বকাপত পূর্বৰ ব্যর্থতাৰ ধাৰা ভংগৰ লক্ষ্যৰে আজি নামিব বাবৰ আজম নেতৃত্বাধীন পাকিস্তান৷ ইতিমধ্যে এই হাইভ’ল্টেজ মেচখনৰ বাবে নৰেন্দ্র মোদী ষ্টেডিয়ামৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ খেলৰ সময় : দিনৰ ২ বজা৷

You might also like