বিদেশী খেলুৱৈক নাম প্রত্যাহাৰৰ নির্দেশ পাক উগ্রপন্থী সংগঠনৰ, পিএছএলক লৈ অথন্তৰ পিচিবিত
ডিজিটেল ডেস্ক, ২৪ মার্চ : পাকিস্তান ছুপাৰ লীগলৈ মাজত মাথোঁ দুটা দিন বাকী৷ ২৬ মার্চৰ পৰা আৰম্ভ হ’ব পাকিস্তানৰ টি–২০ লীগখন৷ অৱশ্যে আৰম্ভ হোৱাৰ পূর্বে সমগ্র প্রতিযোগিতাখনক লৈ যথেষ্ট অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ ইয়াৰ মূল কাৰণ হৈছে পাকিস্তানী উগ্রপন্থী সংগঠন তেহৰিক–ই–তালিবান পাকিস্তানৰ চিন্তনীয় ভাবুকি ৷
উগ্রপন্থী সংগঠনটোৱে পোনপটীয়াকৈ বিদেশী ক্রিকেটাৰলৈ বার্তা প্রেৰণ কৰি প্রতিযোগিতাৰ পৰা অতি সোনকালে নাম প্রত্যাহাৰ কৰিবলৈ সতৰ্কবাণী দিছে৷ তেওঁলোকে দাবী কৰে যে পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থা বর্তমান যথেষ্ট দুর্বল আৰু এনে পৰিস্থিতিত আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰসকলৰ অংশগ্রহণ বিপজ্জনক হ’ব পাৰে৷ এই ভাবুকিয়ে কেৱল খেলুৱৈসকলৰ সুৰক্ষাৰ ওপৰতে নহয়, সমগ্র প্রতিযোগিতাখনৰ ভৱিষ্যতক লৈও প্রশ্ণ উত্থাপন কৰিছে৷
অৱশ্যে টিটিপিয়ে তেওঁলোকৰ বিবৃতিত স্পষ্ট কৰি দিছে যে তেওঁলোকে ক্রিকেটৰ বিৰোধিতা কৰা নাই৷ বৰং তেওঁলোকে কয় যে যেতিয়া দেশৰ সামগ্রিক নিৰাপত্তা পৰিস্থিতি সুস্থিৰ নহয় তেতিয়া ইমান ডাঙৰ আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা আয়োজন কৰাটো বাস্তৱিক নহয়৷ এই যুক্তিৰ প্রতি লক্ষ্য ৰাখি তেওঁলোকে বিদেশী খেলুৱৈক সকীয়াই দিছে৷ এনে ভাবুকিক লৈ ক্রিকেটাৰসকল এতিয়া শংকিত হৈ পৰিছে৷
আনহাতে, পাকিস্তান ক্রিকেট ব’ৰ্ড (পিচিবি) আৰু দেশৰ নিৰাপত্তা সংস্থাF সদায় দাবী কৰি আহিছে যে প্রতিযোগিতাখন আন্তঃৰাষ্ট্রীয় মানৰ কঠোৰ নিৰাপত্তাৰ ব্যৱস্থাৰ ভিতৰত আয়োজন কৰা হৈছে৷ বিগত সময়ত বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈও পিএছএল সফলতাৰে সম্পূর্ণ কৰা হৈছে৷
মুঠতে প্রতিযোগিতাখন আৰম্ভ হ’বলৈ মাত্র কেইটামান ঘণ্টা বাকী থাকিলেও এই ভাবুকিয়ে অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ শেষত পিএছএল সময় মতে আৰম্ভ হ’ব নে নহয়, বিদেশী ক্রিকেটাৰে অংশগ্রহণ কৰিব নে নাই, সেয়া লক্ষণীয় হ’ব।