বিশ্বকাপৰ দর্শকলৈ সুখবৰ ফিফাৰঃ সুৰা নিষিদ্ধ কাটাৰত পান কৰিব পাৰিব বীয়েৰ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: মদ য’ত কঠোৰভাৱে নিষিদ্ধ, সেই কাটাৰ বিশ্বকাপৰ সময়ত দর্শক–নুৰাগীয়ে লাভ কৰিব বীয়েৰ৷ প্রতিখন ষ্টেডিয়ামৰ বাহিৰত থাকিব দোকান৷ তাৰ পৰা বীয়েৰ কিনি পান কৰিব পাৰিব ইচ্ছুক ফুটবলপ্রেমীয়ে৷ ফিফাই চৰকাৰীভাৱে এই সিদ্ধান্তৰ কথা ঘোষণা কৰা নাই যদিও বাস্তৱত সেয়াই হ’বলৈ লৈছে৷ ফিফাৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি দোকানত সকলো সময়তে বীয়েৰ পোৱা নাযাব৷ খেল আৰম্ভ হোৱাৰ পূর্বে আৰু পৰৱর্তী ৩০ মিনিটৰ বাবে খোলা থাকিব বিপণীসমূহ৷ সেই বিপণীৰ পৰা তেওঁলোকেহে বীয়েৰ কিনিব পাৰিব, যিসকলৰ হাতত খেলৰ টিকট থাকিব৷
তদুপৰি বীয়েৰৰ কেন হাতত লৈ ষ্টেডিয়ামৰ ভিতৰত প্রৱেশ কৰিব পৰা নাযাব৷ অর্থাৎ খেল উপভোগ কৰি বীয়েৰ পান কৰাৰ সুখৰ পৰা বঞ্চিত হ’ব ফুটবলপ্রেমীসকল৷ ফিফাৰ এগৰাকী মুখপাত্রই কয় যে ষ্টেডিয়ামৰ বাহিৰৰ ফেন জ’নত সন্ধিয়া ৬.৩০ বজাৰ পৰা কিছুসময়ৰ বাবে বীয়েৰ পোৱা যাব৷ ষ্টেডিয়ামৰ ভিতৰত শীতল পানীয়ৰ লগতে এলকহলবিহীন বীয়েৰ ৰখাৰো পৰিকল্পনা কৰা হৈছে৷ অৱশ্যে এইক্ষেত্রত এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই৷ ইয়াক লৈ কিছু সমস্যাও আছে৷ কাৰণ যিটো শীতল পানীয় সংস্থা ফিফাৰ অন্যতম স্প’নছৰ, তেওঁলোকেই বিশ্বকাপৰ ৮খন ষ্টেডিয়ামৰ ভিতৰত পানীয় বিক্রী কৰাৰ একমাত্র গৰাকী৷
সেই সংস্থাই নিজৰ বিপণীৰ বাহিৰে অন্য সংস্থাৰ এলকহলবিহীন বীয়েৰ বিক্রী কৰাক লৈ সিদ্ধান্ত এতিয়াও জনোৱা নাই৷ উল্লেখ্য যে বিশ্বকাপত অংশগ্রহণকাৰী দেশসমূহৰ ফুটবল সমর্থকসকলৰ এটি বৃহৎ অংশই সুৰাপায়ী৷ তেওঁলোকে সাধাৰণতে বীয়েৰ পান কৰি প্রিয় দলৰ খেল উপভোগ কৰে৷ ইউৰোপৰ দেশসমূহত গেলাৰীত বহিয়েই বীয়েৰ পান কৰা দেখা যায়৷ কিছুমান ঠাইত মদ্যপানো কৰে৷ কিন্তু কাটাৰত এইবোৰ নিষিদ্ধ৷ প্রথম অৱস্থাৰ পৰাই কাটাৰ প্রশাসনে কঠোৰ অৱস্থান গ্রহণ কৰে৷ দেশৰ নিয়ম শিথিল কৰিবলৈ তেওঁলোক ৰাজী হোৱা নাছিল৷ পাছত ফিফাৰ সৈতে আলোচনাত স্থিৰ হয় যে ডোহাৰ দুটা নির্দিষ্ট স্থানত বিশাল স্ক্রীনত খেল চোৱাৰ ব্যৱস্থা কৰা হ’ব আৰু তাত পর্যাপ্ত বীয়েৰ আৰু মদৰ ব্যৱস্থা কৰা হ’ব৷