নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান ফুটবল লীগ থ্ৰীত অসমক প্ৰতিনিধিত্বৰ যোগ্যতা অৰ্জন ছয়গাঁও এফ চি-ৰ

নিয়মীয়া বাৰ্তা, ১১ জুন : ছয়গাঁও এফ চি-য়ে ইণ্ডিয়ান ফুটবল লীগ থ্ৰীত অসমক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিছে। ভাৰতীয় ফুটবলৰ সন্মানীয় প্ৰতিযোগিতাখনত যোগ্যতাৰে প্ৰবেশৰ সুযোগ পোৱা ছয়গাঁও দলটোৰ খেলুৱৈ, কৰ্মকৰ্তাক আজি ছয়গাঁৱত স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে বিপুল সম্বৰ্ধনা জনায়।

দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ ২০২৪-২৫ বৰ্ষৰ চুপাৰ লীগৰ ছেম্পিয়ন সূত্ৰে অসম ফুটবল সন্থাৰ সৰ্বোচ্চ সন্মানীয় প্ৰতিযোগিতা অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ২০২৪-২৫ বৰ্ষৰ সংস্কৰণৰ সুযোগ লাভ কৰিছিল।

প্ৰথম প্ৰবেশতেই কালি ঢকুৱাখনাত ছেম্পিয়ন হোৱাৰ লগে লগেই ছয়গাঁৱত বিজয় উৎসৱ আৰম্ভ হৈছিল। আজি দলটো পুৱা ঢকুৱাখনাৰ পৰা কুকুৰমাৰা পোৱাৰ লগে লগে ছয়গাঁও এফ চিৰ সভাপতি বিশ্বজিৎ দাস, সম্পাদক অভিজিৎ দাস, প্ৰশিক্ষক শান্তনু বসু সহিতে সমূহ খেলুৱৈক ছয়গাঁওলৈ বিশাল শোভাযাত্ৰাৰে আদৰি অনা হয়।

দলটোক অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি বিদ্যুৎ কলিতা, দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক খগেন চন্দ্ৰ নাথ , ছয়গাঁও ক্ৰীড়া সন্থাৰ সভাপতি অম্বিকাপ্ৰসাদ দেৱশৰ্মা, সাধাৰণ সম্পাদক ধীৰেন দাস , ছয়গাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় কলিতা, ছয়গাঁও বজাৰ ব্যৱসায়ী সন্থাৰ সম্পাদক দেৱজিৎ গোস্বামী, ছয়গাঁও শিল্পী সমাজৰ সাধাৰণ সম্পাদক দেৱকুমাৰ মেধি আদি বিভিন্নজনে খিতাপ অৰ্জন কৰা দলটোক অঞ্চলটোলৈ কঢ়িয়াই অনা অনন্য কৃতিত্বৰ বাবে আদৰণি জনায়।

উল্লেখযোগ্য ঢকুৱাখনাৰ ক্ৰীড়াপ্ৰেমীৰ অন্তৰ জয় কৰি কালি ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ মাতমৰা বিষ্টু ৰাম ক্ৰীড়া ক্ষেত্ৰত বিৰ দি বাট নোপোৱা পোন্ধৰ হাজাৰৰ অধিক ক্ৰীড়াপ্ৰেমীৰ উছাহত ছয়গাঁও দলটোৱে ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ফাইনেলত বঙাইগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাবক ৪-০ গ’লত হৰুৱাইছিল।

ছেম্পিয়ন ছয়গাঁও দলটোৱে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠত্বৰ আন বঁটাকেইটাও লাভ কৰে। দলটোৰ কেপ্টেইন শুভম ছেত্ৰী, গ’লকীপাৰ হাবিজুৰ দেৱান আৰু মৃদুল দলে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ , শ্ৰেষ্ঠ গ’লকীপাৰ আৰু সৰ্বোচ্চ গ’ল দাতা নিৰ্বাচিত হৈ বঁটা লাভ কৰে।

প্ৰেৰক ভগৱান দাস

You might also like