নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও ৰেল ষ্টেচনত কৰ্মচাৰীৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৪ মে : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ধোঁৱাৰগাঁৱত থকা ছয়গাঁও ৰেল ষ্টেচনত আজি বদলিকৰণক লৈ কৰ্মচাৰী সকলে উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদৰ সময়ত বদলি কৰিলে আত্মহত্যাৰ হুংকাৰো দিয়ে কৰ্মচাৰীয়ে । ছয়গাঁও ৰেল ষ্টেচনৰ চিনিয়ৰ চেক্সন ইঞ্জিনীয়াৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে তেওঁলোকে পদযাত্ৰা কৰি অহা দেখা যায় । হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ শতাধিক পুৰুষ-মহিলাই উক্ত প্ৰতিবাদত অংশ লয় । উল্লেখযোগ্য যে- উত্তৰ পূৱ সিমান্ত ৰেলৱে ডিভিজনৰ ৰঙিয়াস্থিত মণ্ডল প্ৰৱন্ধকে কোনো আগতীয়া জাননী নিদিয়াকৈ যোৱা ২০ মে’ত বদলিকৰণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে পুৰুষ-মহিলা কৰ্মচাৰীৰ সকলে প্ৰতিবাদ কৰাৰ পিছতে যদি তেওঁলোকৰ দাবী মানি নলয় তেন্তে ইয়াতকৈও বিশাল কাৰ্যসূচী হাতত ল’ব বুলি কয় । প্ৰতিবাদৰ অন্তত ছয়গাঁও ৰেল ষ্টেচনৰ চিনিয়ৰ চেক্সন ইঞ্জিনীয়াৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।*
You might also like