বলিং বিক্রমেৰে লক্ষ্ণৌক ৪০ ৰানত পৰাস্ত ৰাজস্থানৰ
ডিজিটেল ডেস্ক, ২৩ এপ্রিল : ঘৰুৱা পৰিৱেশতো পৰাজয়ৰ ধাৰা ৰুধিব নোৱাৰিলে ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৷ বুধবাৰে লক্ষ্ণৌত অনুষ্ঠিত আইপিএলৰ মেচখনত ৰাজস্থান ৰয়েলছৰ বলাৰৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিব নোৱাৰি ৪০ ৰানত পৰাস্ত হয় এলএছজি৷ এয়া লক্ষ্ণৌ দলটোৰ একেৰাহে চতুর্থখন মেচত পৰাজয়৷
ইফালে, ৰাজস্থানে প্রথম চাৰিখন মেচত ধাৰাবাহিক পৰাজয়ৰ পাছত বুুধবাৰে পুনৰ জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়৷ মেচখনত প্রথমে বেটিং কৰি ৰাজস্থানে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৯ ৰান সংগ্রহ কৰিছিল৷ দলটোৰ দুয়োগৰাকী অপেনাৰ আৰু টপ অর্ডাৰ বেটছমেনসকল ব্যর্থ হোৱা পৰিলক্ষিত হয়৷ অপেনাৰ জয়ছোৱালে ২২ আৰু সূর্যবংশীয়ে ৮ ৰানত বিদায় লোৱাৰ পিছত ক্রীজলৈ অহা ধ্রুব জুৰেলো শূন্যতে আউট হয়৷ ইফালে, চলিত ছিজনত ফর্মহীনতাত ভুগি থকা অধিনায়ক ৰিয়ান পৰাগেও ২০ ৰান কৰি পেভিলিয়নমুখী হয়৷ ছিমৰন হেটমায়াৰে ২২ ৰান, দোনোভান ফেৰেইৰাই ২০ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ ৰবীন্দ্র জাডেজাই ২৯টা বলত সর্বাধিক ৪৩ ৰানেৰে দলীয় স্ক’ৰ ১৫৯ লৈ উন্নীত কৰে৷
ইফালে, ইমপেক্ট খেলুৱৈৰ শুভম ডুবেই ১১টা বলত ১৯ ৰানৰ বৰঙণি আগবঢ়ায়৷ লক্ষ্ণৌৰ হৈ মহম্মদ ছামী, প্রিন্স যাদৱ আৰু মহছিন খানে দুটাকৈ উইকেট দখল কৰে৷ ঘৰুৱা সমর্থকৰ সুযোগ লৈ কম স্ক’ৰৰ খেলখনত লক্ষ্ণৌৱে সহজেই জয়ী হ’ব বুলি ক্রীড়াপ্রেমীৰ মাজত চর্চা চলিছিল যদিও ৰাজস্থানৰ বলাৰসকলে আৰম্ভণিৰ পৰা দুর্দান্ত বলিঙেৰে প্রতিপক্ষৰ বেটাৰসকলক চাপত ৰাখিবলৈ সক্ষম হয়৷ অপেনাৰ মিছেল মার্শ্বৰ অর্ধশতৰানৰ বাহিৰে প্রথম তিনিগৰাকী টপ অর্ডাৰ বেটছমেনক শূন্যতে আউট কৰি ৰাজস্থানে খেলখনত দমনীয় প্রদর্শন কৰে৷ দলটোৰ হৈ নিকোলাছ পুৰানে ২২ ৰান আৰু ইমপেক্ট খেলুৱৈ হিম্মৎ সিঙে ১৫ ৰান কৰাৰ বাহিৰে বাকীসকল বেটাৰে দহকৰ ঘৰো অতিক্রম কৰিবলৈ সক্ষম নহ’ল৷ ফলত দলটো ১১৯ ৰানতে স্তব্ধ হৈ পৰে৷ ৰাজস্থানৰ হৈ জফ্রা আর্চাৰে ৪ অভাৰত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে নন্দ্রে বার্গাৰ আৰু ব্রিজেছ শর্মাই দুটাকৈ উইকেট দখল কৰে৷ দলটোৰ দুগৰাকী স্পীনাৰ ৰবীন্দ্র জাডেজা আৰু ৰবি বিষ্ণৱে এটাকৈ উইকেট দখল কৰি দলটোৰ জয়ত গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়৷