আজিৰ পৰা অনলাইনত টিকট বিক্রী
🔹 ৩০ মার্চত গুৱাহাটীত ৰাজস্থান–চেন্নাইৰ মেচ
বিশেষ বাৰ্তা, ১ মাৰ্চ : গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত ৩০ মার্চত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ আইপিএল মেচৰ টিকট আজি আনুষ্ঠানিকভাৱে অনুৰাগীৰ বাবে অনলাইনত মুকলি কৰা হয়৷ ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকটিং পার্টনাৰ বুক মাই শ্ব’ত অনুৰাগীয়ে মেচখনৰ টিকট ক্রয় কৰিব পাৰিব৷ উল্লেখ্য যে ২৬ মার্চত গুৱাহাটীত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডার্ছৰ মাজৰ আইপিএলৰ প্রথম মেচখনৰ টিকট ইতিমধ্যে বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ উভয় মেচৰে অনলাইন টিকট কেৱল বুক মাই শ্ব’ আৰু ৰাজস্থান ৰয়েলছৰ ৱেবছাইটত উপলব্ধ হ’ব৷ অনুৰাগীসকলে ১৬০০ টকাৰ পৰা আৰম্ভ কৰি নিজৰ পছন্দ অনুসৰি ৱেবছাহটত টিকট ক্রয় কৰিব পাৰিব৷ ১ মার্চৰ পুৱা দহ বজাত ছুপাৰ ৰয়েলছ এলিট সদস্যসকলে প্রথমে পৃথক উইণ্ডোত আৰ আৰ বনাম চিএছকে মেচখনৰ দুটাকৈ টিকট এচিএ ক্রিকেট ষ্টেডিয়ামৰ যিকোনো ষ্টেণ্ডৰে ক্রয় কৰাৰ সুযোগ লাভ কৰিব৷ ৩০ মিনিট পিছত অর্থাৎ ১০.৩০ বজাত ছুপাৰ ৰয়েলছ অনুৰাগীৰ বাবে টিকট ক্রয়ৰ সুযোগ আহিব৷ ইফালে, দুপৰীয়া ১২ বজাৰ লগে লগে সেইসকল ব্যক্তিয়ে টিকট ক্রয়ৰ সুযোগ পাব যিসকলে ইতিমধ্যে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচখনৰ টিকট আগতীয়াকৈ পঞ্জীয়ন কৰি থৈছে৷ আনহাতে, আবেলি চাৰি বজাৰ পৰা সকলোৰে বাবে ৩০ মার্চৰ মেচখনৰ টিকট অনলাইনত মুকলি কৰি দিয়া হ’ব৷ ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ ৰাজস্থান ৰয়েলছে ২৬ মার্চত গুৱাহাটীত প্রথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডার্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মার্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এচিএ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দুয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷