নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল-ৰ পৰা বিদায় ৰাজস্থান ৰয়েলছৰ

🔹 লীগৰ শীর্ষস্থানত উপনীত অপ্রতিৰোধ্য মুম্বাই

নিউজ ডেস্ক, ২ মে’ : চলিত আইপিএল-ত এটা সময়ত সকলোৰে তলত স্থান লাভ কৰিছিল মুম্বায়ে৷ কালি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয়লাভ কৰি দলটো লীগ তালিকাৰ শীর্ষস্থানত উপনীত হয়৷ প্রতিযোগিতাখনৰ প্রথম ৫খন মেচৰ ভিতৰত মাত্র এখনত জয়লাভ কৰিছিল মুম্বায়ে৷ পৰৱর্তী ৬খন মেচৰ ৬খনতেই জয়লাভ কৰি লীগৰ শীর্ষত স্থান লাভ কৰিছে দলটোৱে৷ কালি ঘৰুৱা খেলপথাৰত ৰাজস্থানক ধূলিসাৎ কৰা কার্যই প্রমাণ কৰিছে যে মুম্বাইৰ খেলুৱৈসকল আত্মবিশ্বাসৰ তুংগত আছে৷ টছত জিকি ৰাজস্থানে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ কিন্তু প্রায় আৰম্ভণিৰ পৰাই ধুমুহাৰ সৃষ্টি কৰে মুম্বাইৰ দুই অ’পেনাৰে৷ ৰোহিতে চলিত আইপিএলত তৃতীয়টো অর্ধশতৰান অর্জন কৰে৷ তেওঁ ২৬টা বলত সংগ্রহ কৰে ৫৩ ৰান৷ আনহাতে, ৰিকেল ট’নে ৩টা ছয় আৰু ৭টা চাৰিৰ সহায়ত ৩৮টা বলত ৬১ ৰান সংগ্রহ কৰে৷ অ’পেনিং যুটিত সংগৃহীত হয় ১১৬ ৰান৷ মুম্বায়ে ১২৩ ৰানত দুটা উইকেট হেৰুৱায়৷ শেষপর্যন্ত সূর্য কুমাৰ যাদৱৰ অপৰাজিত ৪৮ আৰু হার্দিক পাণ্ডিয়াৰ অপৰাজিত ৪৮ ৰানৰ সহায়ত মুম্বায়ে ২ উইকেটত ২১৭ ৰান সংগ্রহ কৰে৷ ইয়াৰ পিছতে অনুমান কৰা হৈছিল যে ৰাজস্থানৰ বাবে মেচখনত জয়লাভ কৰা সহজ নহ’ব৷ মাত্র ১৪ বছৰ বয়সতে ৩৫টা বলত শতৰান কৰি আলোড়ন সৃষ্টি কৰা বৈভৱ সূর্যবংশীয়ে কালি অনুৰাগীক হতাশ কৰে৷ তেওঁ ২টা বল খেলি শূন্য ৰানতে বিদায় লয়৷ ইয়াৰ পিছতে আউট হয় আনগৰাকী অ’পেনাৰ যশস্বী জয়ছোৱাল৷ তেওঁৰ বেটৰ পৰা আহে ১৩ ৰান৷ নীতিশ ৰানা আৰু ৰিয়ান পৰাগে যুটি বন্ধাৰ চেষ্টা কৰিছিল যদিও চতুর্থ অভাৰৰ শেষ বলটোত নীতিশ ৯ ৰানত আউট হয়৷ ইয়াৰ পিছতে অধিনায়ক ৰিয়ান পৰাগে ১৬ ৰান কৰি বিদায় লয়৷ হেটমায়াৰ শূন্য ৰানত আউট হোৱাত ৰাজস্থানে ৪৭ ৰানতে ৫টা উইকেট হেৰুৱায়৷ ডুবেই ১৫ আৰু ধ্রুৱ জুৰেলে ১১ ৰানত আউট হোৱাত দলটোৰ পৰাজয় নিশ্চিত হৈ পৰে৷ ইয়াৰ পিছত নিয়ম ৰক্ষাৰ যুঁজত জ’ফ্রা আর্চাৰে কিছু চেষ্টা চলায় যদিও তেওঁ দলৰ হৈ সর্বাধিক ৩০ ৰান সংগ্রহ কৰে৷ শেষ পর্যন্ত ৰাজস্থানে ১৬.১ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১১৭ ৰান কৰিবলৈ সক্ষম হয়৷ ইয়াৰ ফলত দলটো ১০০ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত হয়৷ উল্লেখ্য যে ৰোহিত আৰু ৰায়ান ৰিকেলটনৰ দুর্দান্ত বেটিঙৰ পিছত সূর্য কুমাৰ আৰু হার্দিক পাণ্ডিয়াই ৰাজস্থানৰ বিপক্ষে জয়লাভৰ বাবে বৃহৎ ৰান থিয় কৰায়৷ এই বিজয়ৰ জৰিয়তে মুম্বায়ে লীগ তালিকাৰ শীর্ষ স্থানত উপনীত হোৱাৰ বিপৰীতে ১১খন মেচৰ ৮খনতে পৰাজিত হোৱাত এইবাৰৰ আইপিএলৰ পৰা বিদায় নিশ্চিত হৈছে ৰাজস্থানৰ৷

You might also like