নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অনুশীলন ৰাজস্থান ৰয়েলছৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৩ৰ বাবে প্রস্তুতি আৰম্ভ কৰিলে ৰাজস্থান ৰয়েলছে৷ প্রতিযোগিতাখনলৈ মাজত ২৫ দিন বাকী থকা অৱস্থাত ৰাজস্থান দলটোৱে হোমগ্রাউণ্ড হিচাপে বিবেচিত গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজিৰে পৰা অনুশীলন আৰম্ভ কৰিছে৷ মন কৰিবলগীয়া যে ৰাজস্থান ৰয়েলছে চলিত বর্ষৰ আইপিএলৰ দুখন মেচ বর্ষাপাৰা ষ্টেডিয়ামত খেলিব৷ ঐশ্বর্যশালী প্রতিযোগিতাখনৰ বাবে সম্পূর্ণৰূপে প্রস্তুত হোৱাৰ উদ্দেশ্যে ৰাজস্থান ৰয়েলছৰ কিছুসংখ্যক খেলুৱৈ শনিবাৰে নিশা গুৱাহাটীত উপস্থিত হৈছে আৰু দলটোৰ খেলুৱৈসকলে আজিৰে পৰা এচিএ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰিছে৷ দলটোৱে গুৱাহাটীত এসপ্তাহ অনুশীলন চলাব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে অহা ৩১ মার্চৰ পৰা আৰম্ভ হ’ব আইপিএল৷ ইয়াৰে ৫ আৰু ৮ এপ্রিলত হ’বলগীয়া মেচ দুখন গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰু মেচ দুখনত ৰাজস্থান ৰয়েলছৰ প্রতিদ্বন্দ্বী হ’ব পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছ৷

You might also like